Wednesday, July 9, 2025
Homeআন্তঃৰাষ্ট্ৰীয়হামাজৰ নিকৃষ্টকাণ্ড, বন্দী বহু সাধাৰণ নাগৰিক

হামাজৰ নিকৃষ্টকাণ্ড, বন্দী বহু সাধাৰণ নাগৰিক

ডিজিটেল ডেস্ক, ৯অক্টোবৰ: পেলেষ্টাইনৰ সন্ত্ৰীসবাদী সন্থাৰ অমানৱীয় কাণ্ড ।নিশেষ কৰি পেলাব নেকি গাজাষ্ট্ৰিপ ।ক্ৰমাত ধ্বংসস্ত্তপত পৰিণত হৈছে গাজাষ্টিপ ।গাজা ষ্ট্ৰিপৰ পৰা শ্বকিং ভিডিঅ প্ৰেৰণ কৰিছে হামাছে, অপহৃত ইজৰাইলী আইডিএফৰ মহিলা সৈনিকৰ ফুটেজ মুকলি কৰি এক চাঞ্চল্যকৰ পৰিৱেশ সৃ্ষ্টি কৰিছে ।

পৰিঘটনাত হামাছে গাজা ষ্ট্ৰিপৰ অজ্ঞাত স্থানৰ পৰা এই ভিডিঅ’ মুকলি কৰিছে, য’ত ইছলামিক গোটটোৱে অপহৰণ কৰা ইজৰাইলী সৈনিক আৰু সাধাৰণ নাগৰিকক প্ৰদৰ্শন কৰিছে। বৃদ্ধা আৰু শিশুসকলকো বন্দী হিচাপে দেখুওৱাৰ দৰে ভয়াৱহ পৰিস্থিতিৰ কথা ভিডিঅ’টোত উন্মোচিত হৈছে। ইয়াৰ উত্তৰত ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে গাজা ষ্ট্ৰিপত বিদ্যুৎ, খাদ্য, ইন্ধনৰ যোগান কৰ্তনকে ধৰি “সম্পূৰ্ণ ঘেৰাও”ৰ নিৰ্দেশ দিছে।

শক্তি খণ্ডত এই অঞ্চলৰ বিশ্বব্যাপী তাৎপৰ্যৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে ইজৰাইল-হামাছৰ সংঘাতৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে, বিশেষকৈ শক্তি সম্পদৰ সন্দৰ্ভত। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এই জটিল পৰিস্থিতিৰ প্ৰতি ভাৰতৰ পৰিপক্ক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments