ডিজিটেল ডেস্ক, ANEWS24X7 : চৰ্চাত টুইটাৰৰ ব্লু টিক । বিলিয়নাৰ ইলন মাস্ক টুইটাৰৰ সত্বাধিকাৰী হোৱাৰ পিছৰে পৰা সলনি কৰা হৈছে টুইটাৰৰ বহু নিয়ম । ইয়াৰ পুনপটিয়া প্ৰভাৱ পৰিছে টুইটাৰ ব্যৱহাৰকাৰী সকলৰ ওপৰত । সলনি কৰা হৈছে ব্লু টিকৰ নিয়ম । টুইটাৰ একাউন্টত ব্লু টিকৰ বাবে এতিয়াৰে পৰা ল’ব লাগিব ছাবস্ক্ৰীপশ্যন ।
ব্লু টিকৰ বাবে টুইটাৰ ব্যৱহাৰকাৰীয়ে ৮ ডলাৰ ছাবস্ক্ৰীপশ্যন দিব লাগিব । ইয়াকে লৈ চিন্তিত হৈ পৰিছে টুইটাৰ ব্যৱহাৰকাৰী সকল । এতিয়া প্ৰশ্ন হৈছে ভাৰতত ব্লু টিকৰ ছাবস্ক্ৰীপশ্যন কেতিয়াৰ পৰা আৰম্ভ হ’ব ।
ভাৰতীয় টুইটাৰ ব্যৱহাৰকাৰীয়ে এই সন্দৰ্ভত ইলন মাস্কক প্ৰশ্ন কৰে যে- ভাৰতত এই নিয়ম কেতিয়াৰ পৰা জাৰি কৰা হ’ব? কেতিয়াৰ পৰা ভাৰতীয় টুইটাৰ ব্যৱহাৰকাৰীয়েও ব্লু টিকৰ বাবে দিব লাগিব ধন ?
এই প্ৰশ্নৰ উত্তৰ ইলন মাস্কে টুইট কৰি কয় যে- ”এমাহৰো কম সময়ত এই নিয়ম জাৰি কৰা হ’ব।” ইলন মাস্কে এই কথা স্পষ্ট কৰি দিয়াৰ পাছতে নিশ্চিতভাৱে ব্লু টিকৰ বাবে যে ছাবস্ক্ৰীপশ্যন ল’ব লাগিব ভাৰতীয় টুইটাৰ ব্যৱহাৰকাৰী সকলে।