Tuesday, March 10, 2026
HomeUncategorizedক’ত কিদৰে ৰখা হ’ব বৃন্দাবনী বস্ত্ৰ? সকলো বিৱৰি ক’লে মুখ্যমন্ত্ৰীয়ে

ক’ত কিদৰে ৰখা হ’ব বৃন্দাবনী বস্ত্ৰ? সকলো বিৱৰি ক’লে মুখ্যমন্ত্ৰীয়ে

‘‘ব্ৰিটিছৰ তিনিটা সংগ্ৰহালয়ত আছে বৃন্দাবনী বস্ত্ৰ। বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ চেষ্টা কৰিছে অসম চৰকাৰে। ২০২৭ চনত অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰ। অসমত ১৮ মাহ ৰখা হ’ব বৃন্দাবনী বস্ত্ৰ। অসমত বৃন্দাবনী বস্ত্ৰৰ বাবে মিউজিয়াম নিৰ্মাণ কৰা হ’ব। খানাপাৰাত এবিঘা ভূমিত এই মিউজিয়াম নিৰ্মাণ কৰা হ’ব। ডিজিটেল মাধ্যমৰ যোগেদি কলাক্ষেত্ৰত চাব পাৰিব বৃন্দাবনী বস্ত্ৰ। অসমত মিউজিয়াম নিৰ্মাণৰ দায়িত্ব ল’ব JSW গ্ৰুপে।’’ আলোচনা কৰিবৰ বাবে অক্টোবৰত লণ্ডনলৈ যাব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা। ব্ৰিটিছ মিউজিয়ামৰ পৰা মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে।লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। বৃন্দাবনী বস্ত্ৰৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

‘‘বৃন্দাবনী বস্ত্ৰ ব্ৰিটিছ আৰু ফ্ৰান্সত থকা বুলি বিভিন্ন সময়ত চর্চাও চলি থাকে। কোনখন আচল বা কোনখন নকল কোৱাটো টান। আমি অসমলৈ বৃন্দাবনী বস্ত্ৰখন প্ৰদৰ্শনী বাবে অনাৰ বাবে যোগাযোগ চলি আছিল। JSW নামৰ এটা সংস্থাই ব্ৰিটিছ মিউজিয়াম আৰু অসম চৰকাৰৰ মাজত যোগাযোগ কৰি দিছিল। শেহতীয়াকৈ ব্ৰিটিছ মিউজিয়ামৰ পৰা কেইটামান চৰ্ত দিছে। ব্ৰিটিছ মিউজিয়ামৰ পৰা ডিজিটেলী দেখুৱাব পাৰিব বুলি প্ৰথম চৰ্ত দিছে। সেই হ’লে এই বছৰে সেই ব্যৱস্থা কৰি দিছে।’’
‘‘দ্বিতীয়তে যদি বৃন্দাবনী বস্ত্ৰ খন আনিবলৈ অনুমতি দিয়ে তেন্তে সেই বস্ত্ৰ ভাগি ৰাখিব পৰাকৈ এটা অনুকূল পৰিৱেশ থকা মিউজিয়াম বনাবলৈও চৰ্ত দিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাখিব পৰা পৰিবেশ নাই বুলি তেওঁলোকৰ প্ৰতিনিধিয়ে আমাক জনাইছে। মই লণ্ডনলৈ যাম আৰু কিদৰে তেওঁলোকে বিচৰা ধৰণে এটা মিউজিয়াম নিৰ্মাণ কৰিব পাৰিম সেই বিষয়ে বুজ ল’ম। মিউজিয়াম চোৱাৰ পিছত ব্ৰিটিছ মিউজিয়ামৰ মানুহ আহিব। তাৰ পিছত সকলো কথা পতা হ’ব। তেওঁলোকে মুম্বাইতে দেখুৱাব বিচাৰিছে। ১৮ মাহৰ পিছত কোনো ক্ষতি নোহোৱাকৈ উভতাই পঠিওৱা হ’ব।’’

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments