ডিজিটেল ডেস্ক, ২৭জুলাই: ৰমেন বৰুৱা ক’লৈ গ’ল? ‘ৰমেন বৰুৱাৰ সন্ধানত চলা অভিযানৰ নেতৃত্ব মুখ্যমন্ত্রীয়ে নিজেই লওক’। ‘ঘৰুৱা কাজিয়াৰ কথাটো ডাঙৰকৈ প্ৰচাৰ কৰি’ । ‘এগৰাকী প্রথিতযশা শিল্পীৰ সন্ধান উলিয়াব নোৱাৰাৰ ব্যৰ্থতা ঢাকিব বিচাৰিছে চৰকাৰে’। ‘ছদিনে বিচাৰি উলিয়াব নোৱাৰাটো চৰকাৰৰ ব্যৰ্থতা। নিয়তিৰ পৰিহাস বুলি কৈ মুখ্যমন্ত্ৰীয়ে দায় সাৰিছে’। ক’লে বিধায়ক অখিল গগৈয়ে।
ৰমেন বৰুৱাক লৈ আশাৰে বাট চাইছে ভাতৃ দ্বীপেন বৰুৱাই। ৬ দিন পিছতো আজি সন্ধানহীন হৈ আছে ৰমেন বৰুৱা। আৰক্ষীয়েও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। ভাতৃ দ্বীপেন বৰুৱাই আশা কৰিছে সুকলমে ঘৰলৈ ঘূৰি আহক ৰমেন বৰুৱা।আছলতে স্বাভিমানী ৰমেন বৰুৱা ক’লৈ গ’ল? সেই প্ৰশ্নই এতিয়া জুমুৰি দি ধৰিছে সকলোকে। আৰক্ষীও সফল হ’ব পৰা নাই। ক’তোৱেই তেওঁৰ কোনো শুংসূত্ৰ লাভ কৰা নাই।