Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়ভাৰতৰ কোনখন চহৰে লাভ কৰিলে এচিয়াৰ বায়ু প্ৰদুৰ্ষণ মুক্ত চহৰৰ খিতাপ ?

ভাৰতৰ কোনখন চহৰে লাভ কৰিলে এচিয়াৰ বায়ু প্ৰদুৰ্ষণ মুক্ত চহৰৰ খিতাপ ?

 

ডিজিটেল ডেস্ক, ANEWS24X7: বায়ুৰ গুণমান সূচকে প্ৰকাশ কৰিলে এছিয়াৰ সৰ্বাধিক বায়ু প্ৰদূৰ্ষণ যুক্ত চহৰ আৰু বায়ুপ্ৰদূৰ্ষণ মুক্ত চহৰৰ তালিকা ।

বায়ু প্ৰদূৰ্ষণৰ ক্ষেত্ৰত এছিয়াৰ আটাইতকৈ বেয়া সংখ্যক চহৰৰ খিতাপ অৰ্জন কৰিছে ভাৰতৰ ৮ খন চহৰে । শীৰ্ষ ১০ খন চহৰৰ তালিকাৰ ৮ খন চহৰ ভাৰতৰ । এই তালিকাত নাই দিল্লী, কলকাতা , মুম্বাই আৰু চেন্নইৰ দৰে মেট্ৰ চহৰ ।

এই তালিকাত আছে মধ্যপ্ৰদেশৰ চহৰ ভূপাল চৌৰহাৰ , উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ , গুৰগ্ৰাম , ৰিঅ’ৰীৰ ধাৰুহেৰা টাউন , বিহাৰৰ মুজাফৰপুৰ , লক্ষ্ণৌৰ তালকাতোৰ , বেগুচৰাইৰ ডিআৰচিচি আনন্দপুৰ আৰু ভূপাল চৌৰহা ।

আনহাতে এচিয়াৰ বায়ু প্ৰদূৰ্ষণ মুক্ত চহৰৰ শীৰ্ষ দহৰ তালিকাত স্থান লাভ কৰিছে ভাৰতৰ এখন চহৰে । অন্ধ্ৰ প্ৰদেশৰ ৰাজমহেন্দ্ৰৱৰ্মা চহৰে এই বিৰল সন্মান লাভ কৰিছে । বায়ুৰ গুণমান সূচকে প্ৰকাশ কৰিছে এই তালিকা ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments