Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়বিশ্বৰ ব্যয়বহুল চহৰ কোনখন?

বিশ্বৰ ব্যয়বহুল চহৰ কোনখন?

ডিজিটেল ডেস্ক, ANEWS24X7:  প্ৰকাশ কৰা হ’ল বিশ্ব আতাইতকৈ ব্যয়বহুল চহৰৰ তালিকা ৷ বিশ্ব আটাইতকৈ ব্যয়বহুল চহৰৰ তালিকাৰ শীৰ্ষ স্থান দখল কৰিছে ছিংগাপুৰ আৰু নিউয়ৰ্কক ৷ দুয়োখন চহৰে যৌথ ভাৱে লাভ কৰিছে শীৰ্ষ স্থান ৷ এই তথ্য প্ৰকাশ পাইছে ইকনমিষ্ট ইন্টেলিজেঞ্চ ইউনিট চমুকৈ ইআইইউৰ বাৰ্ষিক প্ৰতিবেদনত ৷

নিউয়ৰ্কে প্ৰথমবাৰৰ বাবে বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে ৷ বিগত বৰ্ষত শীৰ্ষ স্থানত আছিল ইজৰাউলৰ তেল আভিভ চহৰ ৷ এই বছৰ তালিকাৰ তৃতীয় স্থানত আছে তেল আভিভ ৷ চতুৰ্থ স্থানত আছে চীনৰ অৰ্ধ-স্বায়ত্তশাশিত অঞ্চল হংকং ৷

ইআইইউয়ে বিশ্বৰ ১৭২ খন চহৰত ২০০ ৰো অধিক সামগ্ৰী আৰু সেৱাৰ মূল্য তুলনা কৰি এই জৰীপ কৰিছিল ৷ এই বছৰৰ জৰীপত ইউক্ৰেইনৰ ৰাজধানী চহৰ কিয়েভক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল ৷

বিশ্ব আতাইতকৈ ব্যয়বহুল চহৰৰ সমান্তৰালকৈ কম ব্যয়বহুল চহৰৰ তালিকা প্ৰকাশ কৰিছে ইআইইউয়ে ৷ বিশ্বৰ আতাইতকৈ কম ব্যয়বহুল ১০ খন চহৰ হৈছে কলম্বো, বেংগালুৰু, আলজিয়াৰ্ছ, চেন্নাই, আহমেদাবাদ, আলমাটি, কৰাচী, তাচখন্দ, টিউনিছ, তেহৰাণ, ত্ৰিপলি আৰু ডামাস্কাচ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments