ডিজিটেল ডেস্ক, ৯ডিচেম্বৰ: ডঃ হিমন্ত বিশ্ব মন্ত্ৰীসভাৰ ৰদবদল। নতুনকৈ অন্তৰ্ভুক্ত মন্ত্ৰীক বিতৰণ কৰিলে দপ্তৰ। সলনি হ’ল কেইবাগৰাকী মন্ত্ৰীৰ দপ্তৰ। কেইবাগৰাকীও মন্ত্ৰীৰ পৰা কৰ্তন হ’ল কেইবাটাও দপ্তৰ। জানি লওক অসম চৰকাৰৰ বৰ্তমান মন্ত্ৰীসমূহৰ নাম-
ডঃ হিমন্ত বিশ্ব শৰ্মা– গৃহ বিভাগ (কাৰাগাৰ, হোমগাৰ্ড বাদ), পাৰ্চনেল বিভাগ, লোক নিৰ্মাণ বিভাগ (ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ), লোক নিৰ্মাণ পথ বিভাগ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ আৰু বিতৰণ নোহোৱা বিভাগসমূহ।
ৰণজিত কুমাৰ দাস– পঞ্চায়ত আৰু গ্ৰামোন্নয় বিভাগ, ন্যায়িক বিভাগ, পৰ্যটন বিভাগ, সাধাৰণ প্ৰশাসন বিভাগ।
অতুল বৰা– কৃষি বিভাগ, অৱকাৰী বিভাগ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ, উদ্যান শস্য বিভাগ, অসম চুক্তি ৰূপায়ণ বিভাগ।
কেশৱ মহন্ত– ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগ, তথ্য প্ৰযুক্তি বিভাগ, বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ।
উৰ্খাও গৌড়া ব্ৰহ্ম– হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগ, ভূমি সংৰক্ষণ বিভাগ, বড়োলেণ্ড কল্যাণ বিভাগ।
চন্দ্ৰ মোহন পাটোৱাৰী– বন আৰু পৰিৱেশ, এক্ট ইষ্ট নীতি পৰিক্ৰমা, সংসদীয় পৰিক্ৰমা বিভাগ।
ডাঃ ৰণোজ পেগু– বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন বিভাগ।
অশোক সিংহল– স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, জলসিঞ্চন বিভাগ।
যোগেন মহন– পাৰ্বত্য এলেকা উন্নয়ন বিভাগ, পৰিবহণ বিভাগ, কো-অপাৰেটিভ বিভাগ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি উন্নয়ন বিভাগ।
অজন্তা নেওগ– বিত্ত বিভাগ আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগ।
পীযুষ হাজৰিকা– তথ্য, জনসম্পৰ্ক, প্ৰিণ্টিং আৰু ষ্টেচনাৰী বিভাগ, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আৰু জলসম্পদ বিভাগ।
বিমল বৰা– সাংস্কৃতিক পৰিক্ৰমা বিভাগ, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ।
নন্দিতা গাৰ্লোচা– ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগ, লোক নিৰ্মাণ গৃহ বিভাগ।
প্ৰশান্ত ফুকন– শক্তি, নিয়োগ, উদ্যমিতা আৰু দক্ষতা বিভাগ, মেডিকেল শিক্ষা আৰু গৱেষণা বিভাগ।
কৌশিক ৰায়– খাদ্য আৰু অসামৰিক যোগান বিভাগ, খনি আৰু খনিজ পদাৰ্থ বিভাগ, বৰাক উপত্যকা উন্নয়ন বিভাগ।
কৃষেন্দু পাল– পশুপালন আৰু পাশু চিকিৎসা বিভাগ, মীন বিভাগ আৰু PWRD.
ৰূপেশ গোৱালা– শ্ৰমিক কল্যাণ বিভাগ, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগ, গৃহ(কাৰাগাৰ গৃহৰক্ষী আৰু চিভিল ডিফেন্স) বিভাগ।
