Sunday, July 6, 2025
Homeঅসমৰাজ্যৰ কোন কোন ঠাইত বৰষুণৰ সম্ভাৱনা ?

ৰাজ্যৰ কোন কোন ঠাইত বৰষুণৰ সম্ভাৱনা ?

ডিজিটেল ডেস্ক, anews24x7: চৌদিশে নেৰা নেপেৰা বৰষুণ । অসমত বানাক্ৰান্ত লোকসকলে এতিয়াও বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে। বৰ্তমান বানৰ পৰিস্থিতি কিছু উন্নত হৈছে, তথাপিও ৫০০ খন গাওঁ এতিয়াও পানীৰ তলত । বানপানীৰ বাবে যাতায়াত ব্যৱস্থা অচল হোৱাৰ উপৰিও মানুহৰ খাদ্যৰ অভাৱ হৈছে।

বিগত দুদিন ধৰি বতৰ কিছু ভাল হোৱাৰ বাবে আৰু বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে বান পৰিস্থিতি বহুত উন্নত হোৱা পৰিলক্ষিত হৈছে। ইপিনে আজিৰ দিনটোত গুৱাহাটীত সৰ্বোচ্চ তাপমান ৩১.৮ ডিগ্ৰী, শিলচৰত ৩৩.৪ডিগ্ৰী, গোৱালপাৰাত ২৯.৮ ডিগ্ৰী, গোলাঘাটত ২৮ ডিগ্ৰী, যোৰহাটত ৩০ ডিগ্ৰী আৰু উত্তৰ লখিমপুৰত ২৯.৮ ডিগ্ৰী

আনপিনে দক্ষিণ শালমৰা– মানকাছাৰ, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাওঁ, নলবাৰী, কামৰূপ (গ্ৰাম্য), মৰিগাওঁ, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, শোণিতপুৰ, লখিমপুৰ, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ আৰু কৰিমগঞ্জত হালধীয়া সতৰ্কতা জাৰি কৰিছে IMD গুৱাহাটীয়ে। এই জিলাসমূহৰ বিচ্ছিন্ন স্থানসমূহত কম পৰিমাণৰ বজ্ৰপাতৰ সম্ভাৱনা ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments