Sunday, July 6, 2025
Homeঅসমসংবাদমেলত অভিজিৎ শৰ্মাই কাৰ কাৰ নাম ল'লে?

সংবাদমেলত অভিজিৎ শৰ্মাই কাৰ কাৰ নাম ল’লে?

ডিজিটেল ডেস্ক, ANEWS24X7:  অসম পাব্লিক ৱৰ্কছ (APW)ৰ অধ্যক্ষ অভিজিৎ শৰ্মাৰ সংবাদমেল।  NRCত হৰিলুট কি কি হ’ল তাৰ নতুন নতুন অভিযোগ আনিলে অভিজিৎ শৰ্মাই।

সংবাদমেলত অভিজিৎ শৰ্মাৰ মন্তব্যঃ NRCত ২৬০ কোটি টকাৰ কেলেংকাৰী নহয়। ৩ হাজাৰ কোটি টকাৰ কেলেংকাৰী হৈছে। প্লাষ্টিকৰ ফ’ল্ডাৰ ক্ৰয়ৰ নামত  ৮০কোটি টকাৰ আত্মসাত কৰিছে। ৫টকীয়া ফ’ল্ডাৰ ২৫ টকাত ক্ৰয় কৰা দেখুৱালে’

অভিজিৎ শৰ্মাই নাম লৈছে জনৈক প্ৰলয় শীলৰ, আৰমান শ্বেখৰ,অভিজিৎ ভূঞাৰ ৷ প্ৰলয় শীল হৈছে অভিনেত্ৰী জয়া শীলৰ ভাতৃ ৷ এই চিনাকিও আমি দিয়া নাই ৷ সংবাদমেলতে অভিজিৎ শৰ্মাই চিনাকি দিছে প্ৰলয় শীল কোন, আৰমান শ্বেখ কোন৷ প্ৰলয় শীলৰ ভিনীহিয়েক মুৰ্চিদাবাদৰ আৰমান শ্বেখ ৷ NRCৰ প্ৰথম খচৰাত বাদ পৰা ৮০ লাখ লোকৰ নাম সুমুৱাবলৈ মধ্যপ্ৰাচ্যৰ পৰা ধন সংগ্ৰহ কৰিছিল প্ৰলয় শীল আৰু ভিনিহিয়েকে ৷

‘আৰমান শ্বেখ, জয়া শীলৰ পতিৰ সৈতে মধ্য প্ৰাচ্যত হাজেলাই এটা গোপন চুক্তি কৰিছিল। ৮০ লাখ বাংলাদেশীক নাম NRCত অন্তভূক্ত কৰাৰ বাবে এই চুক্তি কৰিছিল। ৮০ লাখৰ মানুহৰ প্ৰত্যেকজনৰ বিপৰীতে ১০০০টকাকৈ লৈছিল হাজেলাই। এই সমগ্ৰ কেলেংকাৰীত জয়া শীলৰ ভাতৃ প্ৰলয় শীল জড়িত আছে৷

৮০০কোটি টকাৰ কেলেংকাৰীয়ে ধ্বংস কৰিলে NRC। ভঙাগড়ৰ এটা ৰঙা বিল্ডিঙত সমগ্ৰ লেনদেন হৈছিল’।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments