‘‘জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ আজি এছ আই টিয়ে আদালতত চাৰ্জশ্বীট দাখিল কৰিছে। জুবিনৰ মৃত্যুৰ ঘটনাক লৈ ২৫০০ পৃষ্ঠাৰ মূল চাৰ্জশ্বীট দাখিল কৰা হৈছে। ডিজিটেল তথ্য-প্ৰমাণ, সাক্ষ্য ইত্যাদিসহ মুঠ ১২ হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বীট জমা দিয়া হৈছে আদালতত।’’
চাৰ্জশ্বীটত চাৰিজন অভিযুক্তৰ বিৰুদ্ধে আৰোপ কৰা হৈছে ১০৩ হত্যাৰ অভিযোগ। এই অভিযুক্তসকল হৈছে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত। চাৰিওজনৰ বিৰুদ্ধে BNSৰ ৩(৬,৭,৮) ৬১/২, ১০৩, ৩১৬/৫ ধাৰা আৰোপ কৰা হৈছে। ধাৰা ৩ হৈছে কমন ইনটেনচন মানে একেলগে মিলিজুলি এটা অপৰাধ সংঘটিত কৰাৰ ধাৰা। ৬১ ধাৰা হৈছে অপৰাধমূলক ষড়যন্ত্ৰৰ ধাৰা। ৩১৬/৫ বিত্তীয় ষড়যন্ত্ৰ আৰু অপৰাধমূলক বিশ্বাসঘাতকতাৰ ধাৰা।শ্যামকানু, অমৃতপ্ৰভাৰ বিৰুদ্ধে অতিৰিক্তভাৱে ২৩৮ধাৰা আৰোপ কৰা হৈছে। ২৩৮ ধাৰাৰ অধীনত তথ্য প্ৰমাণ নষ্টৰ বিধান আছে। শ্যামকানুৰ বিৰুদ্ধে ধনদাবীৰ ৩০৮/২ ধাৰা আৰোপ কৰা হৈছে। লগতে প্ৰৱঞ্চনাৰ অভিযোগত ৩১৮/৪ ধাৰাও আৰোপ কৰা হৈছে।সন্দীপন গাৰ্গৰ বিৰুদ্ধে BNSৰ ১০৫ ধাৰা আৰোপ কৰা হৈছে। এই ধাৰাৰ অধীনত হত্যাসম অপৰাধৰ বিচাৰৰ বিধান আছে। দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ ধাৰা আৰোপ কৰা হৈছে। ৬১/২ আৰু অপৰাধমূলক বিশ্বাসঘাতকতাৰ বাবে ৩১৬/৫ ধাৰা আৰোপ কৰা হৈছে।
