Sunday, July 6, 2025
Homeৰাষ্ট্ৰীয়ভুৱা প্ৰমাণপত্ৰ দাখিল ! নামভৰ্তি বাতিল ৪০ গৰাকী শিক্ষাৰ্থীৰ

ভুৱা প্ৰমাণপত্ৰ দাখিল ! নামভৰ্তি বাতিল ৪০ গৰাকী শিক্ষাৰ্থীৰ

ডিজিটেল ডেস্ক, ANEWS24X7: ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগত ৪০ গৰাকী শিক্ষাৰ্থীৰ নামভৰ্তি বাতিল কৰা হৈছে ৷ মদন মোহন মালৱীয় কাৰিকৰী বিশ্ববিদ্যালয়ে ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰৰ অভিযোগত বিভিন্ন শাখাৰ ৪০ গৰাকী B.Tech শিক্ষাৰ্থীৰ নামভৰ্তি বাতিল কৰা হৈছে ।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তিনিজনীয়া তদন্ত সমিতিৰ তদন্তৰ প্ৰতিবেদনত অসদাচৰণ নিশ্চিত হোৱাৰ পিছতে ৪০গৰাকী শিক্ষাৰ্থীৰ নামভৰ্তি বাতিল কৰিছে ৷ লগতে শিক্ষাৰ্থী সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ এই কথা সদৰী কৰে এমএমএমটিইউৰ উপাচাৰ্য জে.পি. পাণ্ডায়ে ৷

শিক্ষাৰ্থী সকলৰ বিৰুদ্ধে এই অভিযোগ যোৱা বৰ্ষৰ ছেপ্টেম্বৰ মাহত প্ৰথমবাৰলৈ পোহৰলৈ আহিছিল ৷ বিশ্ববিদ্যালয়খনৰ এজন অধ্যাপকে এগৰাকী শিক্ষাৰ্থীয়ে ভুৱা নামভৰ্তি মাচুলৰ ৰচিদ প্ৰস্তুত কৰিছিল ৷ পৰৱৰ্তী সময়ত শিক্ষাৰ্থী গৰাকীৰ নামভৰ্তি আৱন্টন নম্বৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছিল ৷

গোচৰটোৰ তদন্তৰ বাবে তিনিজনীয়া তদন্ত সমিতি গঠন কৰা হৈছিল ৷ অনুসন্ধানৰ সময়ত নামভৰ্তি প্ৰক্ৰিয়াত ব্যাপক অনিয়াম দেখা পোৱা গৈছিল ৷ তদন্ত প্ৰতিবেদনৰ পিছত শৈক্ষিক পৰিষদে ২০২০-২১ আৰু ২০২১-২২ বৰ্ষৰ ৪০ জন বি.টেক শিক্ষাৰ্থীৰ নামভৰ্তি স্থগিত ৰখাৰ পৰামৰ্শ দিছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments