জুবিনৰ বাবেই অৰুণ গাৰ্গে পাইছিল এক সুকীয়া পৰিচয়, পাইছিল এটা বিশেষ জীৱন। কিন্তু সেই জুবিনৰ জ্বলি থকা চিতা দেখি ভাবুক হৈ পৰিছে জুবিনৰ মৰমৰ অৰুণ
জুবিন গাৰ্গৰ মুখাগ্নি কৰিলে চাৰিজনকৈ ব্যক্তিয়ে। তেওঁলোক হ’ল জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ, অৰুণ গাৰ্গ, জুবিনৰ পুত্ৰসদৃশ ৰাহুল গৌতম শৰ্মা আৰু সম্পৰ্কীয় ভাতৃ ঋতু প্ৰয়াগ গাৰ্গে। কিন্তু অৰুণ গাৰ্গ কোন জানেনে? অৰুণ চাচনী কেনেকৈ হৈছিল অৰুণ গাৰ্গ?
ইয়াৰ পূৰ্বে অৰুণ গাৰ্গৰ বিষয়ে হয়তো বহুতেই জনা নাছিল। কিন্তু জুবিন গাৰ্গৰ মুখাগ্নি কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছত চৰ্চালৈ আহিছে অৰুণ গাৰ্গ। জুবিন গাৰ্গৰ মুখাগ্নি কৰাৰ সৌভাগ্য হোৱা অৰুণ গাৰ্গৰ বিষয়ে কৌতুহলৰ সৃষ্টি হৈছে মানুহৰ মনত। জানো আহক এইগৰাকী অৰুণ গাৰ্গৰ বিষয়ে।
অৰুণ গাৰ্গৰ ঘৰ শিৱসাগৰৰ দৌলবাগানত। প্ৰকৃত নাম অৰুণ চাচনী। এটা আদিবাসী পৰিয়ালৰ ল’ৰা। সৰুৰে পৰা অৰুণে অত্যন্ত ভাল পাইছিল জুবিনক। স্কুলৰ কিতাপ-বহীৰ কভাৰত লগাই লৈছিল জুবিনৰ ফটো, আঁকিছিল জুবিনৰ ফটো। এবাৰ জুবিন শিৱসাগৰলৈ লৈ যাওঁতে অৰুণক লগ পাই ঘৰলৈ লৈ আহিছিল জুবিন গাৰ্গে। জুবিনৰ ঘৰত তেতিয়াৰে পৰা ব্যক্তিগত কামৰ সহায়ক হিচাপে থাকিল অৰুণ। সি যেন তাৰ ভগৱানক লগ পাইছিল সেইদিনা।
কালক্ৰমত জুবিনৰ পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰিল অৰুণ। জুবিন গাৰ্গ আৰ গৰিমা শইকীয়া গাৰ্গৰ সৈতে একেলগে থাকে। জুবিন গাৰ্গেই অৰুণক নিজৰ উপাধিটোৰ সলনি গাৰ্গ লিখিবলৈ ক’লে। তেতিয়াৰ পৰা অৰুণে চাচনীৰ সলনি গাৰ্গ উপাধি লিখিবলৈ ল’লে। অৰুণ গাৰ্গ।
যোৱা দুদিন সৰুসজাই জুবিন গাৰ্গক ৰখা গ্লাছৰ কফিনটো দিনে-নিশাই মচি থকা হয়তো সকলোৱে দেখিছিল। সেইজনেই জুবিনৰ মৰমৰ অৰুণ গাৰ্গ। অভিভাৱক জুবিন গাৰ্গৰ নশ্বৰ দেহৰ পৰা এক মুহূৰ্তৰ বাবেও আঁতৰি যোৱা নাছিল অৰুণ। বাৰে বাৰে কফিনটো মচি মচি প্ৰিয় মানুহজনলৈ চাই ৰৈছিল অৰুণ। জুবিন-গৰিমাৰ অতিকে প্ৰিয় সেই অৰুণ গাৰ্গেও সহযোগ কৰিলে জুবিনৰ মুখাগ্নিত।
জুবিনৰ মৰমৰ অৰুণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক প’ষ্ট।
‘‘জুবিন গাৰ্গ কি আছিল, সেয়া প্ৰত্যেকেই অনুধাৱন কৰিব পাৰিছে৷ জুবিন আছিল প্ৰকৃত শিল্পী, যিয়ে মাটি আৰু মানুহৰ কথা কৈছিল৷ খাঁটি খোৱা, দুখীয়া-নিছলা সকলোৰে কথা চিন্তা কৰিছিল৷ জানিব পাৰিলোঁ, আজি জুবিন গাৰ্গৰ মুখাগ্নি কৰাসকলৰ ভিতৰত আছিল এজন যুৱক৷ সেই ল’ৰাটিক জুবিনে দান কৰিছিল এটি নতুন জীৱন, দান কৰিছিল জুবিনৰ উপাধিটোও৷ আদিবাসী চাহ জনগোষ্ঠীৰ ল’ৰাটোৰ নাম আছিল অৰুণ চাচনী৷ এতিয়া তেওঁৰ নাম অৰুণ গাৰ্গ৷ এদিন জুবিনে ল’ৰাটিক লৈ আহিছিল গুৱাহাটীলৈ৷ জুবিনৰ পৰিয়ালৰ এজন সদস্য হৈ পৰিছিল৷ কাহিলিপাৰাত একেলগে ৰাখিছিল জুবিন-পৰিয়ালে৷ জুবিনে অৰুণক কিমান মৰম কৰিছিল সেই ‘গাৰ্গ’ উপাধিটো উপহাৰ হিচাপে প্ৰদান কৰোঁতেই পৰিস্ফুট হৈছিল৷ তেওঁ জুবিনৰ এক হিয়াৰ টুকুৰা৷ আজি ল’ৰাজনে মুখাগ্নি কৰোঁতে তেওঁৰ ফালে চাই ৰৈছিলোঁ এপলক৷ এনেধৰণৰ কৰ্মৰ বাবেও বন্দিত হৈ থাকিব জুবিন, আমাৰ মৰমৰ জুবিন৷”
