ডিজিটেল ডেস্ক, ANEWS24X7: সঘন পৰিবৰ্তন হৈছে কাশ্মীৰৰ ৰাজনৈতিক পৰিৱেশ । বিগত বৰ্ষৰ আগষ্ট মাহত কংগ্ৰেছ দল ত্যাগ কৰি জ্যেষ্ঠ নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদে গঠন কৰিছিল ‘গণতান্ত্ৰিক আজাদ পাৰ্টি’ । নৱ গঠিত ‘গণতান্ত্ৰীক আজাদ পাৰ্টিত যোগদান কৰিছিল কংগ্ৰেছৰ বহুতো প্ৰাক্তন মন্ত্ৰী , সাংসদ আৰু বিধায়কে । এক প্ৰকাৰে কম দিনৰ ভিতৰতে জম্মু-কাশ্মীৰত শক্তিশালী হৈ পৰিছিল ‘গণতান্ত্ৰীক আজাদ পাৰ্টি’ ।
দল গঠনৰ পাঁচ মাহৰ পিছতে তীব্ৰ হতাশাত পৰিছে ‘গণতান্ত্ৰিক আজাদ পাৰ্টি’ৰ নেতা কৰ্মী সকল । চলিত মাহত ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো যাত্ৰা’ উপস্থিত হ’ব জম্মু-কাশ্মীৰত । ইয়াৰ পূৰ্বে ‘গণতান্ত্ৰিক আজাদ পাৰ্টি’ ত্যাগ কৰি পুনৰ কংগ্ৰেছত যোগদান কৰিছে বহু নেতা কৰ্মীয়ে । শুক্ৰবাৰে পুনৰ কংগ্ৰেছত যোগদান কৰে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তাৰা চান্দ , পীৰজাদা মহম্মদ ছাইদ , মুজাফ্ফৰ পেৰে , বলবান সিঙৰ দৰে প্ৰভাৱশালী প্ৰাক্তন মন্ত্ৰীয়ে ।
এই সন্দৰ্ভত এআইচিচিৰ পৰ্যবেক্ষক জয়ৰাম ৰমেশে কয় যে ,” আজিৰ দিনটো জম্মু-কাশ্মীৰ কংগ্ৰেছৰ বাবে এক ঐতিহাসিক দিন ।’’ অৱশ্যে শুক্ৰবাৰে কংগ্ৰেছত যোগদান কৰা কেইবাজনো নেতাক আজাদ শিবিৰে আগতে বহিষ্কাৰ কৰিছিল ।
কংগ্ৰেছৰ এক সূত্ৰৰ খবৰ অনুসৰি গুলাম নবী আজাদক কংগ্ৰেছলৈ উভতাই আনিবৰ বাবে পথ প্ৰশস্ত কৰা হৈছে । এই সন্দৰ্ভত আলোচনা চলাই থকা হৈছে । ইয়াৰ বাবে অখিলেশ প্ৰতাপ সিং , ভূপেন্দ্ৰ সিং হুডা আৰু অম্বিকা চোনিৰ দৰে জ্যেষ্ঠ নেতাক দ্বায়িত্ব দিয়া হৈছে । কংগ্ৰেছৰ জি-২৩ৰ নেতা অখিলেশ প্ৰতাপ সিং আৰু ভূপেন্দ্ৰ সিং হুডাক বিশেষ ভাবে দ্বায়িত্ব প্ৰদান কৰা হৈছে ।
চলিত বৰ্ষৰ শেষৰ ফালে জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । বিজেপি দলে ইতিমধ্যে আৰম্ভ কৰিছে ৰাজনৈতিক কুচকাৱাজ । ৰাজনৈতিক বিশ্লেষক সকলৰ মতে বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত সংখ্যালঘু অধ্যুষিত ৰাজ্যখনত বিজেপিৰ বাবে সৰ্বশ্ৰেষ্ঠ বাজি হ’ব পাৰে গুলাম নবী আজাদ ।গুলাম নবী আজাদ মুছলমান হোৱা স্বত্বেও কাশ্মীৰ উপত্যকাৰ নেতা নহয় । উগ্ৰ বিচ্ছিন্নতাবাদী গোটবোৰৰ সৈতে তেওঁৰ কেতিয়াও সম্পৰ্ক নাছিল । ফলশ্বৰূপে প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিতকৈ বিজেপিৰ বাবে অধিক গ্ৰহণযোগ্য আজাদ ।