Tuesday, March 10, 2026
Homeঅসমযোৰহাট বিধানসভা সমষ্টিত সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে কোন হ’ব বিজেপিৰ প্ৰাৰ্থী?

যোৰহাট বিধানসভা সমষ্টিত সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে কোন হ’ব বিজেপিৰ প্ৰাৰ্থী?

কংগ্ৰেছে যোৰহাট বিধানসভা সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে এপিচিচিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক। গৌৰৱ গগৈ প্ৰাৰ্থী হোৱাৰ পাছত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে যে যোৰহাটত গৌৰৱৰ বিৰুদ্ধে কোন হ’ব বিজেপিৰ প্ৰাৰ্থী

গৌৰৱ গগৈক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পাছতেই চৰ্চা চলিছিল যে কেন্দ্ৰীয় বিদেশ ৰাজ্যমন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা যোৰহাট সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ’ব পাৰে। আনকি, পবিত্ৰ মাৰ্ঘেৰিটা যোৰহাটৰ বাসিন্দা হোৱাৰো তথ্য পোহৰলৈ আহিছিল।

কিন্তু, এই চৰ্চাক নাকচ কৰি যোৰহাটত বিজেপিৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য। যোৰহাটত বিজেপিৰ প্ৰাৰ্থী নহয় পবিত্ৰ মাৰ্ঘেৰিটা। নাহৰকটীয়াত আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘পবিত্ৰ মাৰ্ঘেৰিটা ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী। অসমৰ দৰে ৰাজ্য এখনে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পোৱাটো অত্যন্ত ভাগ্যৰ কথা। অসমে সেই সুযোগ হেৰুৱাব নোখোজে। সেইবাবে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই বিধানসভাত অহাৰ বৰ্তমান প্ৰয়োজন নাই। তেখেতক আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেবিনেটত থকাটো বিচাৰোঁ।’’

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘পবিত্ৰ মাৰ্ঘেৰিটাই কেন্দ্ৰীয় চৰকাৰত থাকি অসমৰ গৌৰৱ আৰু সুনাম বৃদ্ধি কৰাটো বিচাৰোঁ। ২০২৯ চনত লোকসভা নিৰ্বাচনত পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰতিদ্বন্দ্বিতা কৰক, সেইটো আমি বিবেচনা কৰিম। কিন্তু বিধানসভা নিৰ্বাচনত পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো প্ৰস্তাৱ ভাৰতীয় জনতা পাৰ্টীয়ে লোৱা নাই।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments