Tuesday, March 10, 2026
Homeঅসমদুলীয়াজান বিধানসভা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব...

দুলীয়াজান বিধানসভা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

অসমৰ ৰাজনীতিত পুনৰ নতুন চৰ্চাৰ সৃষ্টি কৰি দুলীয়াজান বিধানসভা সমষ্টিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে নতুন প্ৰাৰ্থীৰ নাম। ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীয়ে দুলীয়াজান সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাজিৰঙাত অনুষ্ঠিত এক কাৰ্যসূচীত এই ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখযোগ্য যে বৰ্তমানৰ বিধায়ক তেৰছ গোৱালাক বিজেপিয়ে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইয়াৰ পাছতেই দুলীয়াজান সমষ্টিত নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ চিন্তা-চৰ্চা কৰিছে অসম ৰাজ্যিক বিজেপিয়ে। সেই অনুসৰি দুলীয়াজান সমষ্টিত ৰামেশ্বৰ তেলীক প্ৰাৰ্থী হিচাপে আগবঢ়োৱা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে দুলীয়াজান সমষ্টিত ৰামেশ্বৰ তেলীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাও স্পষ্ট কৰে যে, দলৰ ভিতৰত নতুন যুৱনেতাসকলক সুযোগ প্ৰদান কৰাৰ ক্ষেত্ৰতো বিজেপি দায়বদ্ধ। দুলীয়াজানত নতুন যুৱনেতাই প্ৰাৰ্থিত্ব পাব নেকি বুলি সাংবাদিকসকলে সোধাত তেওঁ কয়, “নতুন যুৱনেতাই যোগদান কৰোঁতেই মই কৈছিলোঁ যে এইবাৰ নহয়, পাছত।” এই মন্তব্যৰ পাছত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এইবেলি প্ৰাৰ্থিত্ব লাভ কৰাৰ পথ ৰুদ্ধ হৈ পৰাটো স্পষ্ট হৈ পৰিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments