Thursday, November 7, 2024
Homeৰাজনৈতিককোন হ’ব ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?

কোন হ’ব ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?

ডিজিটেল ডেস্ক, ANEWS24X7: কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ বাবে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ নাম চৰ্চালৈ আহিছে ৷ ইতিমধ্যে অশোক গেহলটেও কংগ্ৰেছৰ পৰবৰ্তী সভাপতি পদৰ বাবে সন্মতি প্ৰদান কৰিছে ৷ ইয়াৰ পিছতে ৰাজস্থানৰ পৰবৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব ইয়াকে লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে ৷ ৰাজস্থানৰ পৰবৰ্তী মুখ্যমন্ত্ৰী পদৰ বাবে যুৱ নেতা শচীন পাইলটৰ নাম চৰ্চালৈ আহিছে ৷ এনে পৰিস্থিতিৰ মাজতে ৰাজস্থানত তীব্ৰ ৰাজনৈতিক সংকটে দেখা দিছে ৷

ৰাজস্থানৰ ৰাজনৈতিক অস্তিৰতাই প্ৰতিতো ক্ষণতে লৈছে নতুন ৰূপ ৷ কংগ্ৰেছৰ এক সূত্ৰৰ খবৰ অনুসৰি এইবাৰ মুখ্যমন্ত্ৰী অশোক গেহলোটৰ সমৰ্থনত থকা ৮২ জন বিধায়কে পদত্যাগ কৰিছে ৷ বিধানসভাৰ অধ্যক্ষ চি পি যোশীক সাক্ষাত কৰি পদত্যাগ পত্ৰ দাখিল কৰে বিধায়ক সকলে ৷ ৰাজস্থানত দেখা দিয়া এই ৰাজনৈতিক অস্তিৰতাই পুনৰ বিপদত পেলাইছে কংগ্ৰেছ দলক ৷শচীন পাইলটক মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰিলে দল ত্যাগ কৰাৰ হুংকাৰ প্ৰদান কৰে বিদ্ৰোহী বিধায়ক সকলে ৷

এই ৰাজনৈতিক সংকট দুৰ কৰিবৰ বাবে ছোনিয়া গান্ধীৰ নিৰ্দেশত অজয় মাৰ্কেন আৰু মল্লিকাৰ্জুন খৰ্গেৰ দৰে জ্যেষ্ঠ নেতাক বিধায়কসকলৰ সৈতে আলোচনা কৰিবলৈ বাবে ৰাজস্থানলৈ প্ৰেৰণ কৰিছে ৷ দিল্লীৰ পৰা অহা পৰ্যবেক্ষকৰ দলটোৱে বিদ্ৰোহী বিধায়ক সকলক সাক্ষাত কৰিব বিচাৰে যদিও বিধায়ক সকলে সাক্ষাত নকৰে ৷ পৰ্যবেক্ষকৰ দলটোৱে মুখ্যমন্ত্ৰী গোহলট আৰু শচীন পাইলটৰহে সাক্ষাত লাভ কৰিবলৈ সক্ষম হয় ৷

বিদ্ৰোহী বিধায়ক সকলে ৰাজস্থানৰ পৰবৰ্তী মুখ্যমন্ত্ৰী হিচাপে চি পি যোশীক মনোনীত কৰিবৰ বাবে দাবী উত্থাপন কৰিছে ৷

বিদ্ৰোহী বিধায়ক সকলে দাবী কৰে যে, ‘‘দিল্লীৰ পৰা যোৱা পৰ্বেক্ষকৰ দলটোৱে শচীন পাইলটক চক্ৰান্তমূলক ভাবে ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰিবৰ বাবে আহিছে ৷ এনে কৰিলে দল ত্যাগ কৰা হ’ব ৷’’

বিদ্ৰোহী বিধায়কৰ এই স্থিতি সন্দৰ্ভত গেহলটে কয় যে,‘‘দেওবাৰৰ ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰিছো৷যি ঘটিছে সেইয়া অতি বেয়া হৈছে ৷ যোৱা সপ্তাহত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৈছিল যে যদি কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়,তেন্তে এক ব্যক্তি এক পদ নীতি অনুসৰি ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব লাগিব৷পৰবৰ্তী মুখ্যমন্ত্ৰীৰ মনোনয়নৰ বাবে বিধায়ক সকলৰ মতামত বিচাৰি এআইচিচিৰ দুজন পৰ্যবেক্ষক মল্লিকাৰ্জুন খৰ্গে আৰু অজয় মাৰ্কেন জয়পুৰলৈ আহিছিল৷’’

এই ৰাজনৈতিক অস্থিৰতা দুৰ কৰিবৰ বাবে ছোনিয়া গান্ধীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব সেইয়া লক্ষণীয় হ’ব৷ইয়াৰ মাজতে গান্ধী পৰিয়ালৰ ঘনিষ্ঠ কমল নাথৰ নাম বিকল্প মুখ্যমন্ত্ৰী হিচাপে চৰ্চালৈ আহিছে ৷ উল্লেখ্য যে,২০০জনীয়া ৰাজস্থান বিধানসভাত কংগ্ৰেছ আৰু মিত্ৰদলৰ ১০৮ জন বিধায়ক আছে । ইয়াৰ বিপৰিতে বিৰোধী বিজেপিৰ ৭১ জন বিধায়ক আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments