ডিজিটেল ডেস্ক, ANEWS24X7: আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকাল অন্ত পৰিব অহা ৩১ জানুৱাৰীত । এই খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া চৰ্চাত কোন হ’ব ৰাজ্যৰ পৰবৰ্তী আৰক্ষী সঞ্চালক প্ৰধান ? খবৰ অনুসৰি পৰবৰ্তী আৰক্ষী সঞ্চালক প্ৰধান
পদৰ বাবে চৰ্চা লাভ কৰিছে কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ নাম ।
ইতিমধ্যে সঞ্চালক প্ৰধান পদৰ বাবে শীৰ্ষ বিষয়া সকলৰ নামৰ এখন তালিকা প্ৰেৰণ কৰা হৈছে ইউপিএছচিলৈ । ইউপিএছচিলৈ প্ৰেৰণ কৰা তালিকা খনত নাম আছে আইপিএচ বিষয়া জি পি সিং , আইপি এছ বিষয়া এছ এন সিং , আই পি এচ বিষয়া হৰমীত সিং,আই পি এচ বিষয়া আৰ পি মীনা আৰু আই পি এচ বিষয়া দীপক কুমাৰৰ নাম ।
চলিত মাহৰ শেষৰ ভাগত ইউপিএছচিয়ে ৰাজ্যৰ পৰবৰ্তী আৰক্ষী সঞ্চালকৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে । ইয়াৰ ভিতৰত আইপিএচ বিষয়া জি পি সিং পৰবৰ্তী আৰক্ষী সঞ্চালক প্ৰধান পদৰ বাবে প্ৰৱল দাবীদাৰ বুলি চৰ্চা চলিছে ।
