Thursday, November 7, 2024
Homeস্বাস্থ্যস্বাস্থ্যৰ বাবে কিয় উপকাৰী বাঁহ গাজ?কেইটামান কাৰণ

স্বাস্থ্যৰ বাবে কিয় উপকাৰী বাঁহ গাজ?কেইটামান কাৰণ

ডিজিটেল ডেস্ক, ১৪জুলাইঃ বাঁহ গাজ। বাঁহৰ পৰা ওলোৱা গজালিকেই বাঁহ গাজ বুলি কোৱা হয়। বাঁহ গাজ বেয়া পোৱা মানুহ হয়তো নোলাব। বহুতৰে ইয়াক দেখিলে লোভৰ পানীও পৰে। ইয়াক মাছৰ সৈতে পিটিকা, আঞ্জা, নাইবা আচাৰ কৰি খোৱাতো বহুতে পচণ্ড কৰে। নিজৰ সোৱাদৰ বাবে জনপ্ৰিয় এই বাঁহ গাজৰ আছে বহুতো উপকাৰী গুণ।

বাঁহ গাজৰ উপকাৰিতা
১) বাঁহ গাজত ভিটামিন, এণ্টি অক্সিডেট আদি পোৱা যায়। যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে।

২) গাজত উচ্চ হাৰত ফাইবাৰ পোৱা যায়। এই ফাইবাৰে আমাৰ পাচন তন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। গতিকে সুস্থ পাচন তন্ত্ৰৰ বাবে আপুনিও গ্ৰহণ কৰিব পাৰে বাঁহ গাজ।

৩) নিয়মীয়াকৈ বাঁহ গাজ খালে হৃদৰোগৰ সম্ভাৱনা কম হয়।

৪) বাঁহৰ গাজে ওজন হ্ৰাস কৰাতো সহা. কৰে।

৫) উচ্চ ৰক্তচাপৰ বাবে বাঁহৰ গাজ উপকাৰী। ই ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments