ডিজিটেল ডেস্ক, ANEWS24X7: বঙালী সম্প্ৰদায়কলৈ বিতৰ্কিত মন্তব্য কৰি বিতৰ্কত জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱল ৷ ক্ষমা বিচাৰিবলৈ বাধ্য হ’ল জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱলে ৷ গুজৰাটৰ নিৰ্বাচনী সভাত বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ গৈ বিতৰ্কিত মন্তব্য কৰিছিল অভিনেতাজনে ৷
অভিনেতাজনে নিৰ্বাচনী সভাত মুদ্ৰাস্ফীতি সন্দৰ্ভত মন্তব্য কৰি কয় যে, ‘‘গুজৰাটৰ জনতাই মুদ্ৰাস্ফীতি সহ্য কৰিব কিন্তু কাষত ‘‘বাংলাদেশী আৰু ৰহিংগীয়া’’ নহয় ৷গেছৰ চিলিণ্ডাৰবোৰ ব্যয়বহুল, কিন্ত সেইবোৰৰ মূল্য হ্ৰাস পাব ৷ ৰাইজে নিযুক্তি পাব ৷ কিন্তু যদি ৰহিংগীয়া প্ৰব্ৰজনকাৰী আৰু বাংলাদেশীসকলে দিল্লীৰ দৰে চাৰিওফালে বাস কৰা আৰম্ভ কৰে তেন্তে কি হ’ব ? গেছ চিলিণ্ডাৰৰ সৈতে আপোনালোকে কি কৰিব? সেইসকল বাঙালীৰ বাবে মাছ ভাজিব নেকি?”
অভিনেতাজনৰ এই মন্তব্যৰ পিছতে সমগ্ৰ দেশতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হয় ৷ ইয়াৰ পিছতে সামাজিক মাধ্যযোগে ক্ষমা বিচাৰে অভিনেতাজনে ৷
অভিনেতাগৰাকীয়ে ক্ষমা বিচাৰি কয় যে ,‘‘ তেওঁ অবৈধ বাংলাদেশী তথা ৰহিংগিয়াসকলৰ প্ৰসংগত হে উক্ত মন্তব্য আগবইছিল ।যদি তেওঁ সেইসকলৰ অনুভূতিক আঘাত হানিছে তেন্তে সেইসকল ৰাইজৰ ওচৰত ক্ষমা বিচৰিছো ।’’