Sunday, July 6, 2025
Homeশিক্ষাছাত্ৰ-ছাত্ৰী সকলক কিয় সতৰ্ক কৰিলে চিবিএছইয়ে ?

ছাত্ৰ-ছাত্ৰী সকলক কিয় সতৰ্ক কৰিলে চিবিএছইয়ে ?

ডিজিটেল ডেস্ক, ANEWS24X7: ছাত্ৰ-ছাত্ৰী সকলক সতৰ্ক কৰি দিছে কেন্দ্ৰীয় শিক্ষা বৰ্ড চমুকৈ চিবিএছইয়ে ৷ ২০২৩ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ভুৱা পৰীক্ষাৰ সূচী প্ৰকাশ কৰিছে দুষ্ট চক্ৰয় ৷ এনে দুষ্ট চক্ৰৰ পৰা সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে চিবিএছই কৰ্তৃপক্ষয় ৷ বৰ্তমানলৈকে চিবিএছইৰ তৰফৰ পৰা কোনো ধৰণৰ পৰীক্ষাসূচী প্ৰকাশ কৰা নাই ৷

চিবিএছই কৰ্তৃপক্ষয় সংবাদ মাধ্যমৰ আগত কয় যে ,‘‘সামাজিক মাধ্যমত চিবিএছইৰ বহুতো সময়সূচী বিয়পি পৰিছে ৷ সেইবোৰ ভুৱা ৷ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সূচী বৰ্তমানলৈকে ঘোষণা কৰা হোৱা নাই ৷ অতি সোনকালে পৰীক্ষাৰ সূচী ঘোষণা কৰা হ’ব ৷

শিক্ষাৰ্থী আৰু অভিভাৱকসকলে সেই ঘোষণা নোহোৱালৈকে অপেক্ষা কৰা উচ্চিত ৷ বৰ্ডৰ অফিচিয়েল ৱেবচাইড cbse.gov.inৰ ওপৰতহে নিৰ্ভৰ কৰিব ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments