Saturday, July 5, 2025
Homeৰাজনৈতিককিয় বিধানসভা ত্যাগ কৰিলে ৰাজ্যপালে ?  

কিয় বিধানসভা ত্যাগ কৰিলে ৰাজ্যপালে ?  

 

ডিজিটেল ডেস্ক, ANEWS24X7: তামিলনাডু বিধানসভাত অভাৱনীয় পৰিস্থিতি ৷ তামিলনাডু চৰকাৰ আৰু ৰাজ্যপালৰ মাজৰ শীতল যুদ্ধই আজি বিধানসভাৰ মজিয়াত ললে তীব্ৰ ৰূপ ৷ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ সৈতে বিবাদত লিপ্ত হয় ৰাজ্যপাল আৰ এন ৰবি ৷ মুখ্যমন্ত্ৰী ষ্টেলিনে সদনত অধ্যক্ষক ৰাজ্য চৰকাৰ পৰম্পৰাগত ভাষণ ৰেকৰ্ড কৰিবলৈ আহ্বান জনোৱাৰ পিছতে সৃষ্টি হয় এক অকল্পনীয় পৰিস্থিতিৰ ৷

 

ৰাজ্যপাল ৰবিয়ে পৰম্পৰাগত ভাষণত যোগ দিয়া কিছু অংশ বাদ দিয়াৰ পিছতে বিবাদত লিপ্ত হয় মুখ্যমন্ত্ৰী ষ্টেলিন ৷ ইয়াৰ পিছতে বিধানসভা ত্যাগ কৰে ৰাজ্যপাল আৰ এন ৰবিয়ে ৷ ৰাজ্যপাল ৰবিয়ে চৰকাৰে প্ৰস্তুত কৰা ভাষণৰ পৰা ধৰ্মনিৰপেক্ষতাৰ বিষয়ে উল্লেখ থকা অংশ, তামিলনাডুক শান্তিৰ আশ্ৰয়স্থল বুলি অভিহিত কৰা অংশ, পেৰিয়াৰ, বি আৰ আম্বেদকাৰ, কে কামৰাজ, চি এন আন্নদুৰাই, আৰু কৰুণানিধিৰ দৰে নেতাৰ বিষয়ে উল্লেখ থকা অংশ এৰি দিয়ে । ইয়ৰ পিছতে তীব্ৰ বিৰোধিতাৰ সন্মুখীন হয় ৰাজ্যপাল গৰাকী ৷ 

শেষতীয়াকৈ তামিলনাডু চৰকাৰে গ্ৰহণ কৰা ২০ খন বিধেয়কক অনুমোদন জনাবলৈ অস্বীকাৰ কৰে ৰাজ্যপাল আৰ এন ৰবীয়ে ৷ ইয়াৰ পিছতে ৰাজ্য চৰকাৰৰ সৈতে মতানক্য বৃদ্ধি পাবলৈ ধৰে ৷ ৰাজ্যপাল আৰ এন ৰবিৰ বিৰুদ্ধে ৰাজ্যৰ ৰাজনীতিত অপ্ৰয়োজনীয়ভাৱে হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰি পদত্যাগৰ দাবী জনাইছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments