ডিজিটেল ডেস্ক, ANEWS24X7: বিপদত জনপ্ৰিয় চাৰ্চ ইঞ্জিন গুগল ৷কেন্দ্ৰীয় চৰকাৰৰ ৰোষত এইবাৰ গুগল ৷ গুগলৰ বিৰুদ্ধে প্ৰভাৱ খটুৱাই এণ্ড্ৰইড ম’বাইল ফোনৰ জগতত একচেটিয়া আধিপত্য গঢ়ি প্ৰতিযোগিতাৰ চৰ্ত উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে । এই অপৰাধত কেন্দ্ৰীয় চৰকাৰে গুগলক বৃহৎ পৰিমাণৰ জৰিমনা বিহিছে ৷
কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা নিয়ামক সংস্থা চমুকৈ চিচিআইয়ে বিহিছে জৰিমনা ৷ চিচিআইয়ে গুগলক ১,৩৩৭.৭৬ কোটি টকাৰ জৰিমানা আৰোপ কৰিছে ৷ এই সন্দৰ্ভত চিচিআইয়ে কয় যে ,‘‘গুগল কেৱল এণ্ডইড আপাৰেটিং চিষ্টেম পৰিচালনা কৰাই নহয় সকলোবোৰ চোৱাচিতা কৰে ৷
তেওঁলোকৰ মালিকাধীন আন এপসমূহক অনুজ্ঞাপত্ৰ গুগলে প্ৰদান কৰে ৷ যাৰ ফলত স্মাৰ্টফোন হেণ্ডছেট প্ৰস্তুত কৰা সংস্থাবোৰ মবাইলত অ’এছ আৰু গুগল এপ ব্যৱহাৰ কৰিবলৈ বাধ্য হয় ৷’’
ইয়াৰ ফলত অনিচ্ছাকৃত ভাবে অন্যান্য স্মাৰ্টফোন কম্পানী সমূহে গুগলৰ সৈতে চুক্তি স্বাক্ষৰ কৰিবলৈ বাধ্য হয় ৷বাধ্য কৰোৱা হয় বহুটো ব্ৰাউজাৰ এণ্ড্ৰইড ফোনত ইনষ্টল কৰিবলৈ ৷ এনেদৰে গুগলে স্মাৰ্টফোনৰ বজাৰত ৯৮ শতাংশ অধিপত্য বিস্তাৰ কৰিছে ৷ ইয়াৰ ফলত বহুটো সংস্থা লোকচানৰ সন্মুখীন হৈ আহিছে ৷
কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গুগলে ৷ গুগলে কয় যে ,‘‘কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ ফলত ভাৰতীয় ব্যৱহাৰকাৰী আৰু ব্যৱসায় দুয়োটাতে সমস্যাৰ সৃষ্টি হ’ব ৷ এণ্ড্ৰইডৰ সুৰক্ষাত বিশ্বাসী ব্যৱহাৰকাৰী সকল সমস্যাত পৰিব ৷ এনে সিদ্ধান্তৰ ফলত ভাৰতীয় বজাৰত স্মাৰ্টফোনৰ মূল্য বৃদ্ধি পাব পাৰে ৷ বিষয়টো পৰ্যালোচনা কৰাৰ পিছত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব ৷’’