Tuesday, July 8, 2025
Homeঅসমআলোচনাপন্থী আলফাৰ নেতা তথা সভাপতি অৰবিন্দ ৰাজখোৱা হঠাৎ ৰাজীৱ ভৱনত কিয়?

আলোচনাপন্থী আলফাৰ নেতা তথা সভাপতি অৰবিন্দ ৰাজখোৱা হঠাৎ ৰাজীৱ ভৱনত কিয়?

ডিজিটেল ডেস্ক, ৩০ অক্টোবৰ:  ২৫ অক্টোবৰত কাজিৰঙাত অন্তিমখন বৈঠকৰ ৫ দিন পিছতে আজি হঠাৎ ৰাজীৱ ভৱনত দেখা গ’ল আলোচনাপন্থী আলফাৰ নেতা তথা সভাপতি অৰবিন্দ ৰাজখোৱাক। শেষ বৈঠকত ৰাজনীতি নকৰে বুলি কথা দি ৰাজীৱ ভৱনত ভৰি দিয়া অৰবিন্দ ৰাজখোৱাক লৈ চলিছে তুমুল চৰ্চা। কংগ্ৰেছত যোগদান কৰিব নেকি অৰবিন্দ ৰাজখোৱাই!

অসম প্ৰদেশ কংগ্ৰেছত যোগদান কৰাৰ চৰ্চা অব্যাহত আছে আলোচনাপন্থী আলফা নেতা অৰবিন্দ ৰাজখোৱাৰ। তাৰমাজতে সোমবাৰে ৰাজীৱ ভৱনত অৰবিন্দ ৰাজখোৱাৰ উপস্থিতিয়ে স্বাভাৱিকতে চৰ্চা লাভ কৰিছে। অৰবিন্দ ৰাজখোৱাক সাক্ষাৎ কৰিলে সভাপতি ভূপেন বৰাই।

কংগ্ৰেছত যোগদান সম্পৰ্কত চলি থকা কথা নস্যাৎ কৰি আলোচনাপন্থী আলফা নেতাজনে ক’লে, “৪০ বছৰে জাতীয়তাবাদ কৰিছোঁ আগলৈও কৰি যাম।”লগতে প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে ৰাজীৱ ভৱনলৈ অহা বুলি মন্তব্য কৰে আলোচনাপন্থী আলফাৰ সভাপতিজনে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments