ডিজিটেল ডেস্ক, ANEWS24X7: লংকাত নিশা বন্যহস্তীৰ উপদ্ৰৱ। লংকাৰ উদালী লংমাইলু পুৰনা বস্তিৰ চাৰিটাকৈ বাসগৃহত নিশা বনৰীয়া হাতীয়ে চলালে উপদ্ৰৱ। বন্যহস্তীৰ কথমপি প্ৰান ৰক্ষা এটি শিশুসহ এগৰাকী মহিলাৰ।
আনহাতে খাদ্যৰ সন্ধানত লামডিং বনাঞ্চলৰ পৰা ওলাই অহা এটা হাতী দুটাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ ভঙাৰ লগতে ধান চাউল খাই তহিলং কৰে।লগতে লংকাজান খণ্ড বন কাৰ্য্যালয়ৰ পৰা তিনিশ মিটাৰ আঁতৰত বনৰীয়া হাতীয়ে ছলোৱাৰ পাছতো সময়মতে বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ পৰিয়ালকেইটাৰ