Thursday, November 7, 2024
Homeঅসমসঁচাকৈয়ে দ্বিখণ্ডিত হ'ব নেকি অসম !

সঁচাকৈয়ে দ্বিখণ্ডিত হ’ব নেকি অসম !

ডিজিটেল ডেস্ক, ANEWS24X7: পশ্চিমবংগৰ বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী অনন্ত মহাৰাজে ধুবুৰী জিলাৰ চাপৰৰ বিশাল সভাত উপস্থিত হৈ ৰাইজক সম্বোধন কৰিলে কোচবিহাৰবাসী বুলি। কিন্তু অনন্ত মহাৰাজে অসমত উপস্থিত হৈ কিয় এবাৰো সম্বোধন নকৰিলে অসমবাসী বুলি?

কিহৰ ইংগিত বহন কৰিলে অনন্ত মহাৰাজে?ইপিনে সাংবাদিকৰ প্ৰশ্নত মহাৰাজৰ মন্তব্য অসমত তেখেতৰ ঘৰ, অসমৰ বাসিন্দা বুলি উল্লেখ কৰে।গ্ৰেটাৰ কোচবিহাৰ ৰাজ্যৰ দাবী কৰি আছে অনন্ত মহাৰাজে, কিন্তু কেতিয়া প্ৰদান কেতিয়া কৰিব এয়া ভাৰত চৰকাৰৰ সিন্ধান্ত। মহাৰাজৰ মন্তব্য, ” মই গৈ আছোঁ ৰাজ্যসভাত।”

ৰাজ্যসভাৰ সদস্য হ’লে কি কি পৰিকল্পনা আছে বুলি সাংবাদিকৰ প্ৰশ্নত কয় যে, তেওঁ কোচ ৰাজবংশী লোক সকলৰ মৌলক অধিকাৰৰ বাবে কাম কৰিব।পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সম্পৰ্কে মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকে যদিও এই বিষয়টো ৰাজ্যসভাত উত্থাপন কৰিব বুলি উল্লেখ কৰে মহাৰাজে।

উল্লেখযোগ্য যে চাপৰৰ গান্ধী ময়দানত উপস্থিত হৈ পশ্চিমবংগৰ বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী অনন্ত মহাৰাজে ১৮ জুলাই ১৯৪৭ চনত ভাৰত স্বাধীন আইন পাছ হোৱা উপলক্ষে এই বিশেষ দিনটো উদযাপন কৰিবলৈ চাপৰত উপস্থিত হয়।বিশাল জনসভাত হাজাৰ হাজাৰ লোকৰ সমাগম হয়।কোচ ৰাজবংশী লোকক একত্ৰিত হ’বলৈ আহ্বান মহাৰাজৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments