আকৌ হ’ব নেকি LOCKDOWN?
HMPVৰ দ্ৰুত সংক্ৰমণক লৈ উদ্বিগ্ন দেশবাসী
শংকিত নহ’বলৈ আহ্বান কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ৰ
HMPV হৈছে সাধাৰণ শ্বাস-প্ৰশ্বাসৰ ভাইৰাছ
দেশত হিউমেন মেটাপনিউমোভাইৰাছ (HMPV) পজিটিভ ভাইৰাছক লৈ ক্ৰমশঃ বৃদ্ধি পাইছে উদ্বিগ্নতা। নাগপুৰত সাত আৰু চৈধ্য বছৰীয়া দুটি শিশুৰ দেহত হিউমেন মেটাপনিউমোভাইৰাছ (HMPV) পজিটিভ পোৱাৰ ফলত শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্তৰ সংখ্যা ৭ জনলৈ বৃদ্ধি পাইছে। যোৱা ৩ জানুৱাৰীত শিশুকেইটাক জ্বৰ আৰু কাহৰ চিকিৎসাৰ বাবে মহানগৰীৰ ৰামদাস্পেঠ অঞ্চলৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। পৰীক্ষাৰ অন্তত চিকিৎসালয় কৰ্তৃপক্ষই নিশ্চিত কৰে যে দুয়োটি শিশু Covid-19 সদৃশ ৰোগ HMPV ৰোগত আক্ৰান্ত, যিয়ে জ্বৰ, কাহ, নাকেৰে পানী ওলোৱা আৰু ডিঙিৰ বিষ আদি লক্ষণৰ সৈতে ওপৰ আৰু তলৰ শ্বাসনলীত প্ৰভাৱ পেলায়।
