ডিজিটেল ডেস্ক, ৯মাৰ্চ: চেম্পিয়নছ ট্ৰফীৰ ফাইনেলখনেই ৰোহিত শৰ্মাৰ অন্তিমখন মেচ হ’ব নেকি? এই প্ৰশ্ন গুঞ্জৰিত হৈছে ক্ৰিকেট বিশ্বত। সকলো চৰ্চা, জল্পনা-কল্পনাৰ উত্তৰ দিছে দলটোৰ উপ-অধিনায়ক শুভমন গিলে।
শুভমন গিলে কয় যে, ৰোহিতৰ অৱসৰ সন্দৰ্ভত ড্ৰেছিং ৰুমত কোনো আলোচনা হোৱা নাই।তেওঁ নাভাবে যে ৰোহিতে এই বিষয়েও কোনোধৰণৰ চিন্তা কৰিছে।
‘ফাইনেলৰ খেলখন জয়ী হোৱাৰ বিষয়ে আলোচনা হৈছিল। চেম্পিয়নছ ট্ৰফী কেনেকৈ জিকিব পাৰি সেই সন্দৰ্ভত আলোচনা হৈছে। ৰোহিত শৰ্মাৰ অৱসৰ সন্দৰ্ভত দলৰ লগত বা মোৰ লগত কোনো আলোচনা হোৱা নাই। ৰোহিত শৰ্মাই অৱসৰৰ কথা ভাবিব বুলিও মই নাভাবো। মেচ শেষ হোৱাৰ পাছতহে তেওঁ নিজৰ সিদ্ধান্ত ল’ব। এতিয়ালৈকে কোনো আলোচনা হোৱা নাই।’
ভাৰতে ২০২৭ চনত পৰৱৰ্তী বৃহৎ আই চি চি প্ৰতিযোগিতা খেলিব লাগিব আৰু সেই সময়ত ৰোহিতৰ বয়স প্ৰায় ৪০ বছৰ হ’ব। গতিকে এতিয়া ৰোহিতৰ বাবে আৰু অধিক খেলাটো কঠিন যেন লাগে। এতিয়া চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পাছত তেওঁ কি সিদ্ধান্ত লয় সেয়া হ’ব লক্ষ্যণীয়।
‘চেম্পিয়নছ ট্ৰফী ফাইনেলত যিটো দলে খেলৰ চাপ ভালদৰে চম্ভালিব, সেই দলেই জয়ী হ’ব।’ গিলে আৰু কয়, ‘বৰ্তমানৰ ভাৰতীয় দলটোৰ বেটিং লাইনআপ সৰ্বোত্তম। আগতে বেটিং লাইনআপ কম হোৱাৰ বাবে হেঁচা আছিল যদিও এতিয়া ৰোহিত, বিৰাটৰ দৰে খেলুৱৈ আছে। ফৰ্মত আছে শ্ৰেয়স আয়াৰ। দলটোত আছে হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাডেজা, কে এল ৰাহুল।’ লগতে দলটো সকলো পৰিস্থিতিৰ বাবে সাজু বুলি কয় শুভমন গিলে।