ডিজিটেল ডেস্ক, ১৪আগষ্ট: অসমত হ্ৰাস পাব পাৰে সুৰাৰ দাম। অহা মাহৰ পৰা সুৰাৰ দাম হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। অবৈধ সুৰাৰ বজাৰ ৰোধ কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত কেবিনেটত আলোচনা হোৱা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, মঙলবাৰে নিশা সুৰা ব্যৱসায়ৰে জড়িত লোকসকলৰ সৈতে আবকাৰী বিভাগৰ এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে সুৰাৰ দাম হ্ৰাস কৰাক লৈ আলোচনা কৰা হয়।
আবকাৰী বিভাগে ৰাজহ বৃদ্ধিৰ বাবে সুৰাৰ দাম বৃদ্ধি কৰিছিল। কিন্তু সুৰাৰ দাম বহু পৰিমাণে বৃদ্ধি পোৱাৰ পিছত ইয়াৰ বিক্ৰী হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল। আবকাৰী বিভাগে সুৰা ব্যৱসায়ীক টাৰ্গেট পৰ্যন্ত বান্ধি দিছিল। যাক লৈ সুৰা ব্যৱসায়ীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল। কিন্তু বিক্ৰী কমিল বুলিয়ে দাম কমিব নেকি সুৰাৰ?