শনিবাৰে অসম বিজেপিয়ে আৰম্ভ কৰিছে ‘জন আশীৰ্বাদ যাত্ৰা’। সমাগত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ জনগণৰ মাজত সংযোগ স্থাপন আৰু সমৰ্থন আদায়ৰ বাবে ৰাজ্যিক বিজেপিয়ে গ্ৰহণ কৰিছে এই কাৰ্যসূচী।
ঢেকীয়াজুলিত এই যাত্ৰাৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই। ‘জন আশীৰ্বাদ যাত্ৰা’ত অংশগ্ৰহণৰ পূৰ্বে গুপ্তেশ্বৰ মন্দিৰত আশিস গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী শৰ্মাই গুপ্তেশ্বৰ মন্দিৰত প্ৰাৰ্থনা জনাই যাত্ৰা আৰম্ভ কৰে আৰু অসমৰ সকলো মানুহৰ আশীৰ্বাদ বিচাৰে। তেওঁ জনতা আৰু সমৰ্থকসকলক আহ্বান জনাই কয় যে আত্মনির্ভৰ, সুৰক্ষিত আৰু সমৃদ্ধ অসম গঢ়ি তুলিবলৈ লগতে চৰকাৰ পুনৰ গঠন কৰিবলৈ জনতাৰ সমৰ্থনৰ প্ৰয়োজন। বিগত সময়ছোৱাত চৰকাৰখনক সহযোগ কৰা বাবে অসমবাসীক কৃতজ্ঞতাও জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিজ বৰছলাৰ পৰা ডুমডুমা চেণ্টাৰলৈ ‘জন আশীৰ্বাদ যাত্ৰা’ কৰি চিৰাজুলি হৈ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ঢেকীয়াজুলি চহৰলৈ ঘূৰি আহিব। তাৰ পাছত বৰছলা সমষ্টিলৈ ‘জন আশীৰ্বাদ যাত্ৰা’ কৰিব৷
বিজেপিৰ মতে, জন আশীৰ্বাদ যাত্ৰাৰ মূল উদ্দেশ্য হৈছে নাগৰিকৰ সৈতে সংযোগ স্থাপন কৰি জনতাৰ আশীৰ্বাদ লাভ কৰা। বিগত সময়ছোৱাত অসমত হোৱা উন্নয়ন আৰু সফলতাৰ বিষয়ে জনতাৰ মাজত সঁচা তথ্য প্ৰচাৰ কৰাও অন্যতম উদ্দেশ্য ৰাজ্যিক বিজেপিৰ।
প্ৰথম পৰ্যায়ত যাত্ৰাপথৰ সকলো অঞ্চলত প্ৰায় লাখৰো অধিক মানুহৰ লগত সংযোগ স্থাপন কৰাৰ উদ্দেশ্যে আজিৰে পৰা আৰম্ভ হৈছে জন আশীৰ্বাদ যাত্ৰা।যাত্ৰাৰ প্ৰথম পৰ্যায় ২৮ ফেব্ৰুৱাৰীত আৰম্ভ হৈ ৯ মাৰ্চলৈ চলিব। ইয়াত ঢেকীয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপৰা, নদুৱাৰ আদি সমষ্টিৰ জিলা আৰু নগৰত পথ সভা, সমাৱেশ অনুষ্ঠিত হ’ব। মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে গৈ নিৰ্দিষ্ট স্থানত অংশ ল’ব আৰু তাৰ পাছত সংশ্লিষ্ট সমষ্টিৰ বিভিন্ন ঠাইত যাত্ৰা কৰিব।এই যাত্ৰা অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰম্ভ হৈছে। বিজেপিয়ে এই যাত্ৰাক পূৰ্বৰ দহ বছৰৰ সেৱা আৰু বিকাশৰ প্ৰতিফলন হিচাপে আগবঢ়াইছে, লগতে ভোটাৰসকলৰ মাজত সমৰ্থন আৰু আশীৰ্বাদ বিচাৰিছে।
ঢেকীয়াজুলিৰ পৰা যাত্ৰা আৰম্ভ হোৱাক লৈ ৰাজ্যিক বিজেপিয়ে কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিগত পাঁচটা বছৰত ৰাজ্যৰ প্ৰতিটো অঞ্চলত বিকাশৰ নতুন সূৰ্যোদয় হৈছে। ঢেকীয়াজুলি বিধানসভা সমষ্টিও ইয়াৰ ব্যতিক্ৰম নহয়৷ ঢেকীয়াজুলিৰ সৰ্বস্তৰৰ জনতাৰ আশীৰ্বাদ গ্ৰহণেৰে আজিৰ পৰা আৰম্ভ হ’ল ভাৰতীয় জনতা পাৰ্টিৰ ‘জন আশীৰ্বাদ যাত্ৰা’।’’
‘জন আশীৰ্বাদ যাত্ৰা’ৰ পূৰ্বে ‘নিৰ্বাচন প্ৰবন্ধন কমিটী’ৰ আহ্বায়ক প্ৰদান বৰুৱাই বাজপেয়ী ভৱনত ভাৰত মাতা, শ্যামাপ্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায় আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি দি আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে যাত্ৰাৰ সফলতা কামনা কৰে।
