Sunday, July 6, 2025
Homeআন্তঃৰাষ্ট্ৰীয়এটা জিনছৰ মূল্য! বিশ্ব জুৰি চৰ্চা

এটা জিনছৰ মূল্য! বিশ্ব জুৰি চৰ্চা

ডিজিটেল ডেস্ক, A NEWS 24×7: এটা জিনছৰ মূল্য কিমান হ’ব পাৰে আপুনি অনুমান কৰিব পাৰিব নে? আমি আজি ক’ম ৯৪ লাখ টকাৰ এটা জিনছৰ বিষয়ে। আচৰিত যেন লাগিলেও ই সত্য।

পিছে ই কোনো সাধাৰণ জিনছ নহয়। আমেৰিকাৰ উত্তৰ কেৰ’লিনাত উদ্ধাৰ হৈছে ডেৰ শতিকাৰো অধিক পুৰণি জিন্স। ১৬৭ বছৰ পুৰণি এই জিনছ ১৮৫৭ চনৰ ১২ ছেপ্টেম্বৰত ছান ফ্ৰান্সিস্কোৰ পৰা যাত্ৰা আৰম্ভ কৰা আৰু পানামা হৈ নিউয়ৰ্কলৈ যাওঁতে ডুব যোৱা এখন জাহাজৰ পৰা উদ্ধাৰ কৰা হৈছে। শেহতীয়াকৈ কেলিফৰ্ণিয়াৰ গোল্ড মাৰ্কেটিং গ্ৰুপৰ তৰফৰ পৰা এই জিনছ নিলাম কৰা হৈছিল।

সাগৰৰ পাৰত পৰি থকা এখন পুৰণি জাহাজৰ কিছু অংশ বিচাৰি থাকোঁতে উদ্ধাৰ হৈছিল এই জিন্স। উল্লেখ্য যে, জাহাজখন ১৮৫৭ চনৰ পৰাই তাত উপস্থিত হৈ আছিল। যিখন ‘শ্বিপ অৱ গোল্ড’ নামৰ জাহাজখনৰ অংশ।

১৮৫৭ চনত ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে হিংসাত্মক বিপ্লৱ চলি থকাৰ সময়তে জাহাজখন পানামাৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা কৰিছিল। কিন্তু সেই বছৰৰ ছেপ্টেম্বৰ মাহত ধুমুহাৰ ফলত ডুব যায় জাহাজখন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments