ডিজিটেল ডেস্ক, ANEWS24X7: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক এইবাৰ দেখা গৈছে অন্য এক ৰূপ ৷ গেৰুৱা পোছাক পৰিধান কৰি হাতত ধনু কাড়লৈ ভগৱান ৰামৰ ৰূপত দেখা গৈছে যোগীক ৷ কেৱল ইমানে নহয় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীৰ নামত স্থাপন কৰা হৈছে এটা মন্দিৰ ৷
মন্দিৰটোৰ প্ৰতিমূৰ্তিটোক যোগী আদিত্য নাথৰ ৰূপ দিয়া হৈছে ৷ অযোধ্যাৰ ভাৰতকুণ্ডাৰ ওচৰৰ পূৱা নামৰ গাঁও খনত স্থাপন কৰা হৈছে এই বিশেষ মন্দিৰটোত ৷ মন্দিৰটোত যোগী আদিত্যনাথৰ মূৰ্তিক ভগৱান ৰামৰ অৱতাৰ ৰূপত নিৰ্মাণ কৰা হৈছে ৷ ইতিমধ্যে মন্দিৰটোত পূজা অৰ্চনা আৰম্ভ কৰা হৈছে ৷
উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ গোৰখপুৰৰ গোৰখনাথ মন্দিৰৰ মুখ্য পুৰোহিত ৷ মুখ্যমন্ত্ৰী আদিত্য নাথৰ মন্দিৰ নিৰ্মাণ কৰি প্ৰতিমূৰ্তিক পূজা অৰ্চনা কৰাকলৈ তীব্ৰ চৰ্চা আৰম্ভ হৈছে ৷ ৰামৰ অৱতাৰ ৰূপে যোগী আদিত্য নাথক পূজা কৰা কাৰ্যক সহজ বাবে ল’ব পৰা সমালোচক সকলে ৷