ডিজিটেল ডেস্ক, ANEWS24X7: অনলাইন যোগে সলনি কৰিব পাৰিব আধাৰ কাৰ্ডত ঠিকনা ৷ পৰিয়ালৰ মুৰব্বীৰ সন্মতিৰ সৈতে পৰিয়ালৰ যিকোনো সদস্যই অনলাইনত ঠিকনা সলনি কৰিব পাৰিব ৷ আধাৰ কাৰ্ডৰ নিয়ামক সংস্থা ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অৱ ইণ্ডিয়াই মঙলবাৰে এই সন্দৰ্ভত জাৰি কৰিছে জাননী ৷
ইউআইডিএআইয়ে জাৰি কৰা নতুন জাননী অনুসৰি প্ৰমাণ হিচাপে ৰেচন কাৰ্ড , মাৰ্কশ্বীট , বিবাহৰ প্ৰমাণপত্ৰ , পাছপৰ্ট আদিৰ দৰে নথিপত্ৰ দাখিল কৰাৰ পিছত আবেদকাৰীয়ে পৰিয়ালৰ মুৰব্বীৰ সৈতে তেওঁৰ সম্পৰ্ক উল্লেখ কৰি ঠিকনা সলনি কৰাৰ সুবিধা অনলাইন যোগে লাভ কৰিব ৷ এই সুবিধা আধাৰ কেন্দ্ৰৰ লগতে অন্যান্য স্থানৰ পৰা অনলাইন কৰিব পাৰিব ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বে এই সুবিধা পৰিয়ালটোৰ মুৰব্বীয়ে আধাৰ কাৰ্ডৰ অফিচিয়েল ‘আধাৰ আপডেট’ শাখাৰ ভিতৰত স্বসেৱা আপডেট পৰ্টেল’ৰ জৰিয়তে এই সুবিধা অনলাইনত লাভ কৰিছিল ৷
