ডিজিটেল ডেস্ক, ANEWS24X7: অনলাইন ডেটিং এপৰ পৰা সাৱধান ৷ অনলাইন ডেটিং এপৰ জৰিয়তে সুন্দৰী যুৱতীৰ প্ৰেমত পৰিলে সৰ্বস্বান্ত হ’ব পাৰে আপোনিও ৷ অনলাইন ডেটিং এপৰ যোগেদি সুন্দৰী যুৱতীৰ সৈতে কথা পাতিবলৈ গৈ এইবাৰ বিপদত এজন অভিযন্তা ৷ হেৰুৱাবলগীয়া হ’ল লক্ষাধিক টকা ৷
ঘটনাৰ বিৱৰণ অনুসৰি মহাৰাষ্ট্ৰৰ থানেৰ এজন ৪৮ বছৰীয়া অভিযন্তাই অনলাইন ডেটিং এপৰ যোগেদি হেৰুৱাবলগীয়া হ’ল ৬ লক্ষাধিক টকা ৷ প্ৰথমে অজ্ঞাত নম্বৰৰ পৰা অহা এটা মেছেজত অনলাইন ডেটিং এপটোত সংযোগ হ’বলৈ প্ৰস্তাৱ লাভ কৰিছিল ৷ ডেটিং এপটোত নিজৰ প্ৰফাইল বনাবৰ বাবে প্ৰথমে পৰিশোধ কৰিব লগীয়া হৈছিল ৩২,২০০ টকা ৷
ধন আদায় দিয়াৰ পিছতো ব্যক্তিজনৰ নামত কোনোধৰণৰ প্ৰফাইল খুলি দিয়া হোৱা নাছিল ৷ ইয়াৰ বিপৰীতে ব্যক্তিজনৰ পৰা অধিক ধন দাবী কৰে ৷ এনেদৰে ব্যক্তিজনৰ পৰা বিভিন্ন অজুহাত দেখুৱাই মুঠ ৬,৩৩,৬২৬ টকা সৰকাই নিয়ে ৷ শেষত সৰ্বস্বান্ত হৈ আৰক্ষীৰ কাষ চাপে অভিযন্তা জন ৷
শুকুৰবাৰে ভাৰতীয় দণ্ডবিধি আৰু তথ্য প্ৰযুক্তি আইনৰ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰে ।সম্প্ৰতি মহাৰাষ্ট্ৰ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ বৰ্তমানলৈকে আৰক্ষীয়ে এই সন্দৰ্ভত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই