Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়আত্মসমৰ্পন নকৰে জেলেনস্কিয়ে

আত্মসমৰ্পন নকৰে জেলেনস্কিয়ে

ডিজিটেল ডেস্ক, ANEWS24X7: ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিৰ বৃহৎ ঘোষণা ৷ ৰাছিয়াৰ হাতত আত্মসমৰ্পন নকৰে ইউক্ৰেইনে ৷ যুদ্ধত জয় নোহোৱালৈকে ৰাছিয়াৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব ইউক্ৰেইনে ৷ অন্তিম ক্ষণলৈকে যুদ্ধ অব্যাহত ৰাখিব ইউক্ৰেইনে ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ যুটীয়া অধিৱেশনৰ ভাষণত এই ঘোষণা ভ্লাডিমিৰ জেলেনস্কিৰ ৷ এই যুদ্ধত বিত্তীয় আৰু অস্ত্ৰ সমৰ্থন আগবঢ়োৱাৰ বাবে আমেৰিকা যুৰক্তৰাষ্ট্ৰৰ জনসাধাৰণ আৰু চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ৷ তেওঁ কয় যে ,‘‘ এয়া সহায় নহয়, ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা নিৰাপত্তা নিশ্চিত কৰা আৰু সমগ্ৰ বিশ্বত গণতন্ত্ৰ বজাই ৰখাৰ বাবে কৰা বিনিয়োগ।’’ লক্ষণীয় যে ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধৰ পাছত বুধবাৰে প্ৰথমবাৰৰ বাবে বিদেশ ভ্ৰমণলৈ গৈছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কি ৷


উল্লেখ্য যে, ইউক্ৰেইনক আমেৰিকাই ১.৮৫ বিলিয়ন ডলাৰৰ এক নতুন সাহায্য পেকেজ দিয়াৰ কথা ঘোষণা কৰিছে ৷ এই পেকেজৰ অধীনত আমেৰিকাই শেহতীয়াকৈ পেট্ৰিয়াট বায়ু প্ৰতিৰক্ষা প্ৰণালী আৰু বন্দুক বাৰুদকে আদি কৰি যুদ্ধ সামগ্ৰী প্ৰদান কৰিব ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments