Monday, January 19, 2026
Homeঅসমদোষীয়ে আটাইতকৈ ভয়ানক শাস্তি পোৱাটো বিচাৰো: গৰিমা শইকীয়া গাৰ্গ

দোষীয়ে আটাইতকৈ ভয়ানক শাস্তি পোৱাটো বিচাৰো: গৰিমা শইকীয়া গাৰ্গ

আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চতুৰ্থটো শুনানি সম্পন্ন হয়। জিলা সত্ৰ ন্যায়াধীশৰ আদালতত সম্পন্ন হয় গোচৰৰ শুনানি। আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে ২২ জানুৱাৰী। আজি আদালতৰ পৰা চৰকাৰী পক্ষই ল’লে সময়।

আজি আদালতত উপস্থিত থাকে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, তদন্তকাৰী বিষয়া মৰমী দাস, অমৃতপ্ৰভা মহন্তৰ অধিবক্তাৰ লগতে লোক অধিবক্তা জীয়াউল কামাৰ। আদালতত চৰকাৰী পক্ষৰ অধিবক্তাই প্ৰদৰ্শন কৰে যুক্তি।

সংবাদ মাধ্যমৰ আগত গৰিমা শইকীয়া গাৰ্গে কয়, ‘‘দোষীয়ে আটাইতকৈ ভয়ানক শাস্তি পোৱাটো বিচাৰো। অসুৰ বধ হ’বই লাগিব, অশুভ শক্তি নিৰ্মূল কৰিবই লাগিব। ছিংগাপুৰত কেৱল সেই দিনটোৰহে তদন্ত চলিছে। ষড়যন্ত্ৰ সন্দৰ্ভত সকলো কথা তদন্তৰ আওতাত আহিব লাগিব। ছিংগাপুৰে সেইখিনিৰ তদন্ত নকৰে।’’
লগতে গৰিমা শইকীয়া গাৰ্গে কয়, ‘‘সন্দীপনে সঁচা কথাটো কোৱাটো বিচাৰো। এজন ভাতৃ হিচাপে, পুলিচ বিষয়া হিচাপে সঁচা কথাখিনি কওক। সন্দীপন ঘটনাস্থলীত উপস্থিত আছিল, তেওঁৰ দায়িত্ৱ আছে। নিজৰ ককায়েক হিচাপে সঁচাখিনি কোৱাটো তেওঁৰ দায়িত্ৱ।’’
গৰিমাই কয়, য়টত থকা লোকসকল বিচাৰৰ আওতালৈ আহিবই লাগিব। তেওঁলোক চাক্ষুষ প্ৰমাণ, তেওঁলোক ঘটনাস্থলীত উপস্থিত আছিল। ১৪-১৫জন লোকৰ ভিতৰত এজন মানুহ তেনেদৰে নাইকিয়া হৈ যাব পাৰে নেকি? য়টত থকা প্ৰৱাসী লোকসকল অসমলৈ আহিবই লাগিব। আমাৰ এটাই দাবী, য়টখনত থকা প্ৰৱাসী অসমীয়াসকল আহিবই লাগিব। আমাৰ চকুত য়টখনত থকা প্ৰতিজনেই দোষী। তেওঁলোকে বহুত আওকাণ আৰু অৱহেলা কৰিছিল। জুবিনক অকল মনোৰঞ্জনৰ বাবেহে প্ৰয়োজন হৈছিল নেকি? তেওঁলোকৰ জুবিনক লৈ কোনো দায়িত্ৱ নাছিল নেকি?

ইফালে, শনিবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰাৰ কথা আছিল যদিও সেই শুনানিও ২২ জানুৱাৰীলৈকে স্থগিত ৰাখে আদালতে।

আজিৰ এই শুনানিত ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰে অভিযুক্তই। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গৰ লগতে জুবিন গাৰ্গৰ দুই দেহৰক্ষীয়ে ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰে শুনানি প্ৰক্ৰিয়াত।আজি আদালতত চৰকাৰে নিযুক্তি দিয়া ৫ অধিবক্তাৰ দলে আজি যুক্তি প্ৰদৰ্শন কৰে। ইফালে, ২২ জানুৱাৰীত অমৃতপ্ৰভা মহন্তই জামিন লাভ কৰিব নেকি তাক লৈ এতিয়া চলিছে চৰ্চা।

জুবিন হত্যাৰ গোচৰ সন্দৰ্ভত উকীল সন্থাৰ সম্পাদক অধিবক্তা অপূৰ্ব শৰ্মাই কয়, ‘‘২২ জানুৱাৰীত জামিন আবেদনৰ শুনানি হ’ব। ৩০ জানুৱাৰীত গোচৰটোৰ ৰেগুলাৰ শুনানি হ’ব। শেখৰৰ স্বাস্থ্যৰ অৱনতি হোৱা দৰ্শাই অধিবক্তাই আদালতত দাখিল কৰে আবেদন। উপযুক্ত চিকিৎসা বিচাৰি আদালতত আবেদন কৰিছে অধিবক্তাই। চৰকাৰে বিশেষ আদালতৰ ব্যৱস্থা কৰি গোচৰটো চলাব লাগে। Day to day শুনানি হ’লেহে জুবিন গাৰ্গে ন্যায় পাব।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments