সুৰৰ মায়াজালে আৰু মোহাচ্ছন্ন কৰিবলৈ উভতি নাহে জুবিন গাৰ্গ। এই জনমলৈ বিদায় মহান শিল্পী। জুইলৈ চাই অনুৰাগীৰ হিয়াভঙা কান্দোন।জুবিনৰ চিতালৈ চাই চিঞৰি চিঞৰি মায়াবিনী গালে গৰিমা শইকীয়া গাৰ্গে।নিজে ৰোপন কৰা চন্দন গছৰ কাঠৰ টুকুৰাৰ উত্তাপতেই বিলীন হৈ গুচি গ’ল মহান জুবিন। ২০১৭ চনত নিজৰ জন্মদিনত কলাক্ষেত্ৰত নিজেই ৰোপন কৰিছিল চন্দন গছজোপা।পঞ্চভূতত বিলীন জুবিন গাৰ্গ।জয় জুবিন দা ধ্বনিৰে কঁপিল অসমৰ আকাশ-বতাহ।৩কোটি ৪০লাখ লোকৰ চকুত চকুপানী।সুৰৰ মায়াজালেৰে মঞ্চ কঁপাবলৈ আৰু কেতিয়াও নাহে মানুহজন। সোণাপুৰত জুবিন গাৰ্গৰ শেষকৃত্যত হুকহুকাই কান্দি উঠিল জুবলী। সেউজীয়াৰ মাজত জুবিনৰ শেষকৃত্য সম্পন্ন। প্ৰাণৰ শিল্পীক চিতাত উঠোৱাৰ লগে লগে সকলোৱে একেলগে গালে মায়াবিনী ৰাতিৰ বুকুত।
মৰম আকলুৱা জুবিন গাৰ্গে ৰাইজ তথা অসমক দিছে অনস্বীকাৰ্য অৱদান। জুবিন গাৰ্গৰ এই সপোন আৰু আশাক হয়তো ৰাইজেও কৃপণালি নকৰাকৈ দিব মৰম ! কায়িকভাৱে তেওঁ আমাৰ মাজত নাথাকিলেও থাকি যাব তেওঁৰ সৃষ্টি। হয়তো জুবিন গাৰ্গৰ বিয়োগৰ পাছত ৰাইজে পুনৰবাৰ পৰ্দাত দেখা পাব মহান শিল্পীগৰাকীক ‘ৰৈ ৰৈ বিনালে’ৰ জৰিয়তে। জুবিন গাৰ্গ আমাৰ মাজলৈ পুনৰ আহিব ‘ৰাউল’হৈ…।
জুবিন গাৰ্গ অবিহনে আজি অসমীয়া জাতি অভিভাৱকহীন। জাতিৰ অভিভাৱকজনক এবাৰ চাবলৈ ৰাজপথৰ দুয়োকাষে মাথোঁ অনুৰাগী। এই জনমলৈ অন্তিম বিদায় জনাবলৈ ওলাই আহিল লক্ষ লক্ষ অনুৰাগী।
স্তব্ধ হৈ পৰিছে সমগ্ৰ অসম। উকা হৈ পৰিল প্ৰতিজন জুবিন অনুৰাগীৰ হৃদয়। গুৱাহাটী মহানগৰীত যেন মৰিশালীৰ নিস্তব্ধতা। ৰাজপথত আজি ভিৰ নাই, মানুবোৰৰ আজি ব্যস্ততা নাই, হেৰাই গৈছে মুখৰ হাঁহিবোৰ।
অসমৰ মানুহে আৰু কাহানিও শুনিবলৈ নাপাব সেই কণ্ঠ, নেদেখিব জুবিনৰ সেই শিশুসুলভ ধেমালিবোৰ। শেষ হৈ গ’ল অসমৰ এক সত্ত্বা, অসমীয়াই হেৰুৱালে এক সাহসী কণ্ঠ। ভগৱানে আশীৰ্বাদ স্বৰূপে আমাৰ মাজলৈ পঠিওৱা শিল্পীগৰাকী পুনৰ গ’লগৈ ভগৱানৰ ওচৰলৈ। বহুত সোনকালে। সেয়াই মানি ল’ব পৰা নাই অসমবাসীয়ে।
সাগৰ সমান হাহাকাৰ এৰি থৈ অনন্ত যাত্ৰা জুবিনৰ। ৰ’দৰ নৈ হৈ বৈ থাকিব জুবিন…বিদায় জুবিন দা
