ডিজিটেল ডেস্ক, ৩০জুলাই: হাস্পতালৰ পৰা কিয় ঘৰলৈ যাব দিয়া নহ’ল জুবিন গাৰ্গক?দুদিনে চিকিৎসাধীন অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গ। কি হৈছে জুবিন গাৰ্গৰ? বৰ্তমান কিমান সুস্থ জুবিন গাৰ্গ? কেতিয়ালৈ ঘৰলৈ উভতিব জুবিন?
দেওবাৰে পুৱা প্ৰায় ৯:১০ বজাত ষ্টুডিঅ’ত ব্যস্ত থকাৰ মাজতে হঠাৎ অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ। চিকিৎসকৰ মতে পুনৰ চিজাৰ এটেকৰ সন্মুখীন হৈছিল কণ্ঠশিল্পী জুবিন গাৰ্গ। হঠাৎ অসুস্থ হোৱা জুবিন গাৰ্গক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল নেমকেয়াৰ ছুপাৰস্পেচিয়েলিটী হাস্পতালৰ MICUত। জুবিনৰ কেইবাটাও স্বাস্থ্য পৰীক্ষা কৰা পিছত আজিৰ দিনটোত ঘৰলৈ যাবলৈ দিয়াৰ কথা আছিল জুবিনক।
এই সন্দৰ্ভত নেমকেয়াৰ ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ সঞ্চালক তথা বিশিষ্ট চিকিৎসক হিতেশ বৰুৱাই প্ৰতিক্ৰিয়া। জুবিনৰ স্বাস্থ্যক লৈ চিন্তা কৰিব লগা কোনো কাৰণ নাই।জুবিন গাৰ্গ এতিয়া সম্পূৰ্ণ সুস্থ।আজি হাস্পতালৰ পৰা যাবলৈ দিয়াৰ কথা আছিল জুবিন গাৰ্গক। কিন্তু, এতিয়াও এটা পৰীক্ষা বাকী থকা বাবে আজিও হাস্পতালতে ৰখা হ’ব জুবিনক।
