Tuesday, July 8, 2025
Homeআন্তঃৰাষ্ট্ৰীয়লণ্ডনৰ পৰা ছিংগাপুৰলৈ যোৱা বিমানৰ জৰুৰী অৱতৰণত মৃত্যু এগৰাকী বিমান যাত্ৰীৰ

লণ্ডনৰ পৰা ছিংগাপুৰলৈ যোৱা বিমানৰ জৰুৰী অৱতৰণত মৃত্যু এগৰাকী বিমান যাত্ৰীৰ

ডিজিটেল ডেস্ক, ২১মে’: লণ্ডনৰ পৰা ছিংগাপুৰ এয়াৰলাইন্সৰ SIAL.SI বিমানখনে ভয়াৱহ অস্থিৰতাৰ বাবে মঙলবাৰে বেংককত জৰুৰীকালীন অৱতৰণ কৰে বুলি বিমান সংস্থাটোৱে জনোৱা মতে, বিমানখনত থকা এজন যাত্ৰীৰ মৃত্যু আৰু আহত হোৱাৰ বাতৰি পোৱা গৈছে।

কিমানজন লোক আহত হৈছে সেই কথা সদৰী কৰা নাই ছিংগাপুৰ এয়াৰলাইন্সে। থাইলেণ্ডৰ একাধিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৩০ জন লোক আহত হৈছে।

বিমান সংস্থাটোৱে এক বিবৃতিত জনোৱা মতে, ২১১ জন যাত্ৰী আৰু ১৮ জন ক্ৰুৰ সৈতে বয়িং ৭৭৭-৩০০ ই আৰ বিমানখনে জৰুৰীকালীন অৱতৰণ কৰাৰ সময়ত ছিংগাপুৰলৈ ৰাওনা হৈছিল।
বেংককৰ সুৱৰ্ণভূমি বিমানবন্দৰৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, এটা চিকিৎসা দল ষ্টেণ্ডবাইত আছে।

বিমান সংস্থাটোৱে কয় যে আমাৰ অগ্ৰাধিকাৰ হৈছে বিমানখনত থকা সকলো যাত্ৰী আৰু ক্ৰুক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা।

“আমি থাইলেণ্ডৰ স্থানীয় কৰ্তৃপক্ষৰ সৈতে মিলি প্ৰয়োজনীয় চিকিৎসা সাহায্য আগবঢ়াইছো।”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments