Thursday, March 12, 2026
Homeআন্তঃৰাষ্ট্ৰীয়ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ লিজ ট্ৰাছৰ পদত্যাগ

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ লিজ ট্ৰাছৰ পদত্যাগ

ডিজিটেল ডেস্ক, ANEWS24X7: পদত্যাগ কৰিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে । ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ কিছুদিনৰ পূৰ্বে দায়িত্ব গ্ৰহণ কৰা লিজ ট্ৰাছৰ পদত্যাগে এতিয়া জোকাৰণিৰ সৃষ্টি কৰিছে ব্ৰিটেইনত । বৃহস্পতিবাৰে পদত্যাগ কৰে লিজ ট্ৰাছে ।

লিজ ট্ৰাছে এই সন্দৰ্ভত কয় যে ,‘‘আজি ৰাতিপুৱা মই ১৯২২ চনৰ সমিতিৰ অধ্যক্ষ ছাৰ গ্ৰাহাম ব্ৰেডীৰ সৈতে পৰৱৰ্তী প্ৰধানমন্ত্ৰী বাছনি কৰাৰ বিষয়ে বাৰ্তালাপ কৰিছিলো । পৰৱৰ্তী নেতৃত্ব বাছনি কৰিবলৈ অহা সপ্তাহত নিৰ্বাচন হ’ব। নিৰ্বাচনত জয়ী হোৱা পৰৱৰ্তী নেতৃত্বই নিশ্চিত কৰিব যে দেশৰ নিৰাপত্তা কোনো প্ৰকাৰে বিঘ্নিত নহয়।’’

উল্লেখ্য যে , দ্বায়িত্বভাৰ গ্ৰহণ কৰাৰ ৪৫ দিনৰ ভিতৰতে পদত্যাগ কৰিছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে । বৃহস্পতিবাৰে লিজে পদত্যাগ কৰাৰ কেইঘন্টামানৰ পূৰ্বে ব্ৰিট্ৰেইনৰ গৃহ সচিব চুৱেল ব্ৰেভাৰমেনে পদত্যাগ কৰিছিল ৷ ইয়াৰ পূৰ্বে ব্ৰিটেইনৰ বিত্তমন্ত্ৰী কোৱাচি কুয়াৰ্টেংক বৰ্খাস্ত কৰা হৈছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments