ডিজিটেল ডেস্ক, ANEWS24X7: দিন দুপৰতে বৰপেটা চহৰৰ মাজমজিয়াত অৱস্থিত চয়াৰাম ছোৱালী প্ৰতিষ্ঠানত সংঘটিত হৈছে এক চমকপ্ৰদ ঘটনা। বৰপেটা জিলাত এগৰাকী স্কুলীয়া ছাত্ৰীক অপহৰণ কৰাৰ চেষ্টা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে চাৰিজন নাবালক।

বৰপেটা চহৰৰ মাজভাগত অৱস্থিত ছোৱালীজনীৰ বিদ্যালয়ৰ ওচৰৰ পৰা ছোৱালীজনীক অপহৰণ কৰাৰ চেষ্টা কৰিছিল চাৰিগৰাকী নাবালকে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিওগৰাকী নাবালকক আৰু তেওঁলোকৰ বয়স ১৮ বছৰৰ তলৰ।
সৌভাগ্যক্ৰমে, তাইৰ সহপাঠী আৰু আন শিক্ষাৰ্থীসকলে অপহৰণৰ প্ৰতক্ষ্য কৰি ছোৱালীজনীক তেওঁলোকৰ কবলৰ পৰা উদ্ধাৰ কৰিছিল।
