পশ্চিম এছিয়াত ক্ৰমাৎ বৃদ্ধি পোৱা কৌশলগত উত্তেজনা আৰু হৰমুজ প্ৰণালীত (Strait of Hormuz) জাহাজৰ চলাচলৰ ক্ষেত্ৰত আৰোপ কৰা কঠোৰ নিষেধাজ্ঞাৰ মাজতে ভাৰতৰ বাবে তেহৰাণৰ পৰা আহিছে এক ডাঙৰ কূটনৈতিক আৰু অৰ্থনৈতিক সকাহৰ খবৰ।
ইৰাণে ভাৰত, চীন, ইৰাক আৰু কাটাৰক এই কৌশলগত সামুদ্ৰিক পথেৰে জাহাজ চলাচলৰ ক্ষেত্ৰত বিশেষ ৰেহাই প্ৰদান কৰিছে। এই সিদ্ধান্তৰ পিছত বিশ্বজুৰি শক্তি সংকট আৰু যোগান শৃংখলত ব্যাঘাত জন্মাৰ আশংকাৰ মাজতে ভাৰতীয় তেল পৰিবাহী আৰু বাণিজ্যিক জাহাজসমূহে হৰমুজ প্ৰণালীৰে নিৰাপদে পাৰ হোৱাৰ পথ লাভ কৰিছে।
তেহৰাণে নিৰ্বাচিত কেইখনমান কৌশলগত সহযোগী দেশক এই নিষেধাজ্ঞাৰ বাহিৰত ৰাখিছে। কাটাৰক বিনামূলীয়াকৈ জাহাজ চলাচলৰ অনুমতি দিয়াৰ বিপৰীতে ভাৰত আৰু চীনৰ বাবে ট্ৰেনজিট মাচুল আৰু বিশেষ কৌশলগত চুক্তিৰ আধাৰত এই সামুদ্ৰিক পথ মুকলি কৰা হৈছে। এই ৰেহাইৰ বিনিময়ত ভাৰতৰ পৰা অত্যাৱশ্যকীয় ঔষধৰ যোগান আৰু কূটনৈতিক সহযোগিতা নিশ্চিত কৰাৰ কৌশল গ্ৰহণ কৰিছে ইৰানে।
