Monday, October 26, 2026
Homeউত্তৰ-পূৱঅশান্ত হৈ আছে অৰুণাচল

অশান্ত হৈ আছে অৰুণাচল

নদীবান্ধবিৰোধী প্ৰতিবাদে অৰুণাচলত লৈছে ভয়ংকৰ ৰূপ।পাচিঘাটত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতিৰ। শুকুৰবাৰে নিশা হিংসাত্মক ৰূপ লয় প্ৰতিবাদে। প্ৰতিবাদকাৰীয়ে কেইবাটাও চৰকাৰী কাৰ্যালয়, আৰক্ষী থানা আৰু আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰে। আনকি উত্তেজিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে NHPCৰ কাৰ্যালয়। প্ৰতিবাদকাৰীলৈ কন্দুৱা গেছ আৰু টোপ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ। কেইবাজনো প্ৰতিবাদকাৰী আহত হোৱাত অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি।উত্তেজনাৰ মাজতে বিজেপি নেতা, বিধায়কৰ ঘৰত আক্ৰমণ কৰে প্ৰতিবাদকাৰীয়ে। বিজেপিৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন বিধায়ক কালিং ময়ঙৰ ঘৰতো আক্ৰমণ। গেকু-মাৰিয়াং সমষ্টিৰ বিজেপি বিধায়ক অনি পান্যাঙৰ ঘৰতো আক্ৰমণ কৰে প্ৰতিবাদকাৰীয়ে।

উল্লেখ্য যে, শুকুৰবাৰে কেইবাটাও সংগঠনে আহ্বান জনাইছিল অৰুণাচলৰ তিনি জিলা বন্ধৰ। আপাৰ চিয়াং বহুমুখী জলবিদ্যুত্‍ প্ৰকল্পৰ বিৰোধিতাৰে আহ্বান জনোৱা হৈছিল চিয়াং, ইষ্ট চিয়াং, আপাৰ চিয়াং জিলা বন্ধ। বিভিন্ন অঞ্চলত বন্ধৰ প্ৰভাৱ পৰিলেও পৰা নাছিল পাচিঘাটত। তিনি জিলা বন্ধ কাৰ্যসূচী বিয়লি ৫ বজাত অন্ত পৰে যদিও এতিয়াও উত্তপ্ত হৈ আছে ইষ্ট চিয়াং জিলাৰ পাচিঘাট। যাৰ বাবে পাচিঘাটত প্ৰৱেশ কৰি প্ৰতিবাদকাৰীয়ে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ।

পাছিঘাটত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। ইটানগৰৰ ব্যক্তিগত বাসগৃহত সংবাদমেল মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ। আলোচনাৰ মাজেৰে নদীবান্ধ সম্বন্ধীয় বিষয়টো সমাধানৰ মুকলি আহ্বান। অৰুণাচলৰ দল-সংগঠনেৰে আলোচনাৰ বাবে আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments