Friday, September 11, 2026
Homeঅসমঅসমৰ বাহন মেঘালয়ত প্ৰৱেশত বাধা

অসমৰ বাহন মেঘালয়ত প্ৰৱেশত বাধা

১৯ আগষ্টৰ সন্ধিয়াৰ পৰা অসম-মেঘালয়ৰ মাজত সৃষ্টি হোৱা উত্তেজনাই শনিবাৰে দুই ৰাজ্যৰ চৰকাৰৰ বৈঠকৰ পাছতো সম্পূৰ্ণৰূপে শাম কটা নাই। অসমৰ বাহনত নিৰ্বিচাৰে আক্ৰমণৰ প্ৰতিবাদত যোৰাবাটত চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত ব্যাহত হৈছিল গুৱাহাটী-শ্বিলং সংযোগী যাতায়াত।
পৰিস্থিতি স্বাভাৱিক কৰাৰ উদ্দেশ্যে শনিবাৰে অসম আৰু মেঘালয় চৰকাৰৰ মাজত প্ৰায় চাৰি ঘণ্টাজোৰা বৈঠক অনুষ্ঠিত হয়। অসমৰ মন্ত্ৰী অতুল বৰা আৰু মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত ক্ষতিগ্ৰস্ত অসমৰ বাহনক ক্ষতিপূৰণ, আহত লোকক সহায় আৰু পৰ্যাপ্ত নিৰাপত্তা প্ৰদানৰ আশ্বাস দিয়াৰ কথা ঘোষণা কৰা হয়। সংঘাতৰ স্থায়ী সমাধানৰ বাবে কেইবাখনো কমিটী গঠনৰ সিদ্ধান্তও লোৱা হয়।
বৈঠকৰ সিদ্ধান্তসমূহ যোৰাবাটত (Jorabat) উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক অৱগত কৰে মন্ত্ৰী অতুল বৰাই। ইয়াৰ পাছতে অসম কেব চালকসকলে প্ৰতিবাদ প্ৰত্যাহাৰ কৰে। কিন্তু বৈঠকৰ পাছতো পৰিস্থিতি স্বাভাৱিক নহ’ল। মেঘালয়ৰ খাচি টুৰিষ্ট টেক্সি সন্থাই নিশাৰ পৰাই প্ৰতিবাদ আৰম্ভ কৰি অসমৰ বাহন মেঘালয়ত প্ৰৱেশত বাধা আৰোপ কৰে।
সন্থাটোৰ দাবী, যোৰাবাটৰ পৰা অসমৰ বাহনে মেঘালয়লৈ পৰ্যটক কঢ়িয়াব নালাগে। যোৰাবাটৰ পৰাই মেঘালয়ৰ বাহনে পৰ্যটক কঢ়িয়াব লাগে বুলি দাবী কৰিছে সন্থাই। লগতে অসমত মেঘালয়ৰ বাহনক সুবিধা নিদিয়া আৰু বাহন ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগো উত্থাপন কৰিছে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments