মহানগৰীৰ হোটেল বিলাস ইনত সংঘটিত হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন কৰা হৈছে বিশেষ তদন্তকাৰী দল (SIT)। ঘটনাটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি পুংখানুপুংখ, বৈজ্ঞানিক আৰু ক্ষিপ্ৰ তদন্ত নিশ্চিত কৰাৰ উদ্দেশ্যে এই বিশেষ দলটো গঠন কৰা হৈছে। যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনৰ নেতৃত্বত গঠন কৰা SITত মুঠ ৬গৰাকী আৰক্ষী বিষয়াক অন্তৰ্ভুক্ত কৰা হৈছে।
SITত কোন কোন আৰক্ষী বিষয়া আছে?
বিশেষ তদন্তকাৰী দলটোৰ নেতৃত্বত থাকিব গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন, IPS। দলটোৰ আন সদস্যসকল হৈছে—
১. অংকুৰ জৈন, IPS — যুটীয়া আৰক্ষী আয়ুক্ত, গুৱাহাটী; দলৰ মুৰব্বী।
২. সম্ভাৱী মিশ্ৰ, IPS — উপ-আৰক্ষী আয়ুক্ত (মধ্য), গুৱাহাটী; সদস্য।
৩. ড° দেৱজিৎ নাথ, APS — উপ-আৰক্ষী আয়ুক্ত (অপৰাধ), গুৱাহাটী; সদস্য।
৪. ভিকু আচুমি, IPS — অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত (মধ্য), গুৱাহাটী; সদস্য।
৫. কুলেশজ্যোতি ভূঞা — পৰিদৰ্শক তথা পল্টন বজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া; সদস্য।
৬. অবিনাশ দাস — উপ-পৰিদৰ্শক, পল্টন বজাৰ আৰক্ষী থানা; সদস্য।
