Tuesday, October 27, 2026
Homeঅসম'একাংশ লোকে আদালতক লক্ষ্য কৰি লৈছে'

‘একাংশ লোকে আদালতক লক্ষ্য কৰি লৈছে’

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত চলি থকা আন্দোলনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আদালতৰ বিচাৰ প্ৰক্ৰিয়াক প্ৰভাৱিত কৰিব পৰা কোনো কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ ইংগিত দি মুখ্যমন্ত্ৰীয়ে কয় যে একাংশ লোকে আদালতক লক্ষ্য কৰি লৈছে।

মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘যিচাম মানুহে ভাবে যে আদালতৰ মনটো বেয়া হৈ যাওক আৰু আদালতৰ প্ৰক্ৰিয়াটো ব্যাহত হৈ যাওক তেওঁলোকে আদালতখনক টাৰ্গেট কৰি লৈছে। ইয়াৰ পৰা আমাৰ লাভ কি হ’ব। এইটোৱে লাভ হ’ব যে বিচাৰধিপতিজনৰ মনত খং উঠিব আৰু তেওঁ খুব অসন্তুষ্ট মনেৰে বিচৰাটো শুনিব। এচাম লোকে প্ৰথম দিনৰ পৰাই এই কামটোত ব্যস্ত হৈ আছে।’’

উল্লেখ্য যে দেওবাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত জুবিনক্ষেত্ৰত অনুষ্ঠিত হৈছিল এখন বিশেষ আলোচনা সভা। অখিল গগৈৰ নেতৃত্বত ‘জুবিন গাৰ্গ ন্যায় দাবী সমিতি’ৰ উদ্যোগত অনুষ্ঠিত সভাখনত সাংবাদিক অনুপম চক্ৰৱৰ্তী, বিশিষ্ট অধিবক্তা নেকিবুৰ জামানকে ধৰি বহু জুবিন অনুৰাগীয়ে অংশগ্ৰহণ কৰে। সভাত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আগন্তুক দিনত আন্দোলন গঢ়ি তোলাৰ সন্দৰ্ভত আলোচনা কৰা হয়। এই উদ্দেশ্যে সৰ্বসন্মতিক্ৰমে চাৰিটা প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি জানিব পৰা গৈছে।

সভাত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি, জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গঠন হ’বলগীয়া সমিতিখন কোনো ৰাজনৈতিক মতাদৰ্শৰ দ্বাৰা পৰিচালিত নহ’ব। বিভিন্ন ৰাজনৈতিক দল, সংগঠন আৰু জুবিন অনুৰাগীক একেখন মঞ্চলৈ আনি ন্যায়ৰ দাবী শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। আলোচনা সভাত গ্ৰহণ কৰা আন এটা প্ৰস্তাৱ অনুসৰি, জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত হ’বলগীয়া আন্দোলনৰ নেতৃত্ব গৰিমা শইকীয়া গাৰ্গক প্ৰদান কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। গৰিমা শইকীয়া গাৰ্গৰ নেতৃত্বতে পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰাৰ বাবেও আলোচনা হৈছিল। গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰ আৰু বিভিন্ন দল-সংগঠন তথা ঐক্য মঞ্চৰ মাজত সমন্বয় ৰক্ষা কৰিবলৈ ৰাহুল গৌতম শৰ্মাক মধ্যস্থতাকাৰীৰ ভূমিকা প্ৰদান কৰাৰ প্ৰস্তাৱো গ্ৰহণ কৰিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments