গুৱাহাটীত ৫গৰাকীকৈ লোকক গুলীয়াই হত্যা কৰা ঘনকান্ত গগৈৰ মৃত্যু হ’ল গুলীচালনাতে। শিৱসাগৰৰ ফুলপানীচিগাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৰক্ষীৰ গুলীয়ে প্ৰাণ কাঢ়ি নিলে নৃশংস ঘাতক ঘনকান্তৰ।
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা শিৱসাগৰ আৰক্ষীয়ে আন এটা গোচৰত শিৱসাগৰ থানালৈ মঙলবাৰে নিশা আনি আছিল ঘনকান্ত গগৈক।
গাড়ীত আনি থকা অৱস্থাত ফুলপানীচিগাত আৰক্ষী উপ পৰিদৰ্শক দেৱাশীষ শৰ্মাৰ কঁকালৰ খোচনিত থকা পিষ্টলটো হঠাৎ কাঢ়ি লয় ঘনকান্তই।বন্দুক চালনাত পাকৈত ঘনকান্তই মুহূৰ্তৰ ভিতৰতে গাড়ীৰ পৰা পলায়ন কৰিবলৈ কাঢ়ি লোৱা পিষ্টলটোৰে ৩জাঁই গুলীচালনা কৰে। এই গুলীচালনাত আৰক্ষী বিষয়া দেৱাশীষ শৰ্মা আহত হয়।
আনহাতে আৰক্ষীৰ গাড়ীখনটো দুজাই গুলী লাগে।আৰক্ষীৰ দলটোৰ এগৰাকী পিএছঅ’য়ে লগে লগেই নিজৰ ৰাইফলেৰে গুলীচালনাৰে প্ৰত্যাক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় ঘনকান্ত গগৈ। বুকুত গুলী লগা ঘনকান্তক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়।
