ব্যৱসায়ীক সংঘাতৰ বাবেই ভৰালী পৰিয়াল শেষ কৰি দিলে ঘাতক ঘনকান্তই। আজিও চিকিৎসালয়ৰ বিছনাতে আছে সৈতেন্দ্ৰ পাঠক। কিন্তু ইমানৰ পিছতো তিলমানো অনুতপ্ত নহয় ঘাতক ঘনকান্ত।
ঘনকান্তৰ পত্নীৰ দাবী, সিদিনা হোটেলখনলৈ তেওঁ নিজেই যোৱা নাছিল, তেওঁক ভৰালী পৰিয়ালে হেনো মাতি নিছিল। ঘনকান্তই ফোনতে পাতক বুলি কোৱাৰ পিছতো বাৰে বাৰে ভৰালী পৰিয়ালে হেনো মাতিছিল হোটেল বিলাস ইনলৈ। প্ৰথমে হোটেল বিলাস ইনত হেনো ঘনকান্তক আক্ৰমণ কৰিবলৈ ঘেৰি ধৰিছিল ভৰালী পৰিয়ালে। সেইকাৰণে নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে গুলীচালনা কৰিলে ঘনকান্তই।নৰসংহাৰ চলোৱাৰ পিছতেই পত্নীক ঘনকান্তই ফোন কৰি কৈছিল এটা বিশেষ কথা, যাৰ জৰিয়তে প্ৰায় স্পষ্ট হৈছে ঘনকান্তৰ নাটক। পত্নীৰ মতে, হোটেল বিলাস ইনত ঘনকান্তই আঘাত পাইছিল, দেহৰ কেইবাঠাইত আঘাত আছিল, ঘটনা সংঘটিত কৰাৰ পিছতে পত্নীক ফোন কৰি মই ঘৰলৈ নিজেই গাড়ী চলাই যাব নোৱাৰো বুলি কৈছিল।
কিন্তু লক্ষণীয় কথাটো হ’ল সেই ঘনকান্তই কিন্তু পিছদিনা আদালতলৈ খুব স্বাভাৱিক ভাৱেই খোজ কাঢ়ি গৈছিল আৰক্ষীৰ সৈতে। যদি ঘটনাৰ পিছত খোজ কাঢ়ি যাব নোৱাৰা হৈছিলে তেন্তে পিছদিনা ইমান স্বাভাৱিক ভাৱে কেনেকৈ খোজ কাঢ়িব পাৰিলে।ঘনকান্তৰ পত্নীৰ এই মন্তব্যটো যেন এক ৰহস্যই সোমাই আছে। সাংবাদিকৰ আগত দেওবাৰে এই মন্তব্যসমূহ কৰাৰ পিছতে জোনমনি গগৈয়ে বিচাৰিলে মুখ্যমন্ত্ৰীৰ সহায়, কোনো বিপদত পৰা লোকে মুখ্যমন্ত্ৰীৰ সহায় বিচৰাৰ দৰেই তেওঁ মুখ্যমন্ত্ৰীক আহ্বান জনালে ভালদৰে তদন্ত কৰি তেওঁলোকক সহায় কৰিবলৈ।
অৰ্থাৎ ইয়াৰ পৰা স্পষ্ট হ’ল, জোনমনি গগৈয়ে বুজাব বিচাৰিছে তেওঁৰ ঘাতক স্বামী ঘনকান্তই যেন এয়া এটা সাধাৰণ অপৰাধ হে কৰিছে। ভৰালীৰ সম্পূৰ্ণ পৰিয়ালটো লগতে নাৰায়ণ দাসৰ পৰিয়ালটো শেষ কৰি দিলে কিন্তু তাৰ পিছতো যেন নাটক এৰি দিয়া নাই ঘনকান্ত আৰু পত্নীয়ে।
ইফালে আজি পুৱাই হোটেল বিলাস ইনলৈ নিয়া হ’ল ঘাতক ঘনকান্ত গগৈক। ক্ৰাইম ছীন ৰিক্ৰিয়েচনৰ বাবে গুলীচালনাৰ ঘটনা সংঘটিত কৰা হোটেলখনলৈ নিয়া হৈছে ঘনকান্তক। বিলাস ইনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। আজি ক্ৰাইম ছীন ৰিক্ৰিয়েচনৰ পিছত কাইলৈ আদালতত হাজিৰ কৰোৱা হ’ব ঘাতক ঘনকান্তক। কাইলৈ ৭ দিনৰ আৰক্ষীৰ জিম্মাৰ অন্ত পৰিব ঘাতক ঘনকান্তৰ।
ইফালে, ঘাতক ঘনকান্তৰ পত্নীকো মাৰাথন জেৰা আৰক্ষীৰ। তদন্তকাৰী আৰক্ষীয়ে জব্দ কৰিছে গাড়ী, ম’বাইল ফোন। আৰক্ষীৰ আগত ঘনকান্তৰ পত্নীয়ে মন্তব্য কৰিছে, ‘‘ভৰালী পৰিয়ালে বাৰে বাৰে জোৰ কৰি মাতিছিল ঘনকান্তক। ফোনতেই সকলো কথা পাতিম বুলি কৈছিল ঘনকান্তই।’’
ঘটনাৰ পাছত প্ৰথমে পত্নীক ফোন কৰাৰ কথা স্বীকাৰ কৰিছে ঘনকান্তৰ পত্নীয়ে। ঘনকান্তৰ পত্নীয়ে আৰক্ষীৰ আগত মন্তব্য কৰিছে যে কেইবাজনো মানুহে ঘনকান্তক হেঁচা মাৰি ধৰিছিল। ব্যৱসায় ভাল চলি নথকাৰ বাবে হোটেলখন গতাই দিব বিচাৰিছিল।
