তিনিচুকীয়া জিলাৰ মাকুম বাইপাছত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ দায়িত্বত থকা TTC INFRA নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰা আদৰণি তোৰণখনক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। তোৰণখনৰ নিৰ্মাণৰ গুণগত মানক লৈ স্থানীয় ৰাইজে উত্থাপন কৰিছিল বিভিন্ন গুৰুতৰ অভিযোগ।
এই সন্দৰ্ভত স্থানীয় ৰাইজৰ অভিযোগ আৰু নিৰ্মাণকাৰ্যৰ বিসংগতিৰ বিষয়টো সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ অনাৰ পাছতে অৱশেষত গা লৰিল নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষৰ। বাতৰি সম্প্ৰচাৰৰ পাছতে বিষয়টোক লৈ প্ৰতিষ্ঠানটোৰ তৎপৰতা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, ৰাজহুৱা ধনেৰে নিৰ্মাণ কৰা এনে আন্তঃগাঁথনিমূলক কামৰ গুণগত মান নিশ্চিত কৰাৰ লগতে ৰাইজৰ অভিযোগসমূহ গুৰুত্বসহকাৰে পৰীক্ষা কৰাটো সংশ্লিষ্ট কৰ্তৃপক্ষৰ দায়িত্ব।
