Tuesday, July 8, 2025
Homeঅসমলক্ষীপুৰত বিশেষভাৱে সক্ষম লোকৰ মাজত সহায়ক সজুলি বিতৰণ

লক্ষীপুৰত বিশেষভাৱে সক্ষম লোকৰ মাজত সহায়ক সজুলি বিতৰণ

দুধনৈ,১৭ছেপ্তেম্বৰ:   গোৱালপাৰা জিলাৰ লক্ষীপুৰত আজি ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত দিব্যাংগজন সৱলীকৰণ বিভাগৰ দ্বাৰা লক্ষীপুৰ আকাংক্ষিত উন্নয়ন খণ্ডত লক্ষীপুৰ সংহত শিশু বিকাশ প্ৰকল্পৰ সহযোগত ভাৰত চৰকাৰৰ AIDP আঁচনিৰ অধীনত ৭৫ সংখ্যক সামাজিক অধিকাৰিতা শিবিৰ অনুস্থিত কৰা হয়। এই অনুষ্ঠানত বিশেষভাৱে সক্ষম ব্যক্তিসকলক সহায়ক আৰু ব্যৱহাৰিক সজুলি প্ৰদান কৰা হয়।

অনুস্থানত মুখ্য অতিথি হিচাপে জলেশ্বৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক আফতাবুদ্দিন মোল্লা উপস্থিত থাকে। অনুষ্ঠানত গোৱালপাৰাৰ অতিৰিক্ত জিলা আয়ুক্ত কল্যাণী কংকনা দাস, গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি নুৰ মহম্মদ, লক্ষীপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ, জিলা সমাজ কল্যাণ বিষয়া এ এম এ হুছেইন, লক্ষীপুৰ সংহত শিশু বিকাশ প্ৰকল্পৰ শিশু বিকাশ প্ৰকল্প বিষয়া, মুখ্য সেৱিকাসকল আৰু সমূহ কৰ্মচাৰী উপস্থিত থাকে। এই AIDP আঁচনিৰ অধীনত গোৱালপাৰা জিলাত মুঠ ১৪৬২জন বিশেষভাৱে সক্ষম ব্যক্তিক দৈনন্দিন জীৱন যাপনত সহায়ক হোৱা সজুলি প্ৰদান কৰা হ’ব, তাৰ ভিতৰত আজি এই অনুষ্ঠানত লক্ষীপুৰ আকাংক্ষিত উন্নয়ন খণ্ডৰ ৫৫৫ জন বিশেষভাৱে সক্ষম ব্যক্তিক Tricycle, Motirized Tricycle, Wheelchairs, C. P Chair, Walking Stick, Crutch, Rollators, Hearing Aid, Sugamaya Cane, Braile Kit আদি সজুলি প্ৰদান কৰা হয়।

এই সজুলি সমূহ লাভ কৰি বিশেষ ভাৱে সক্ষম ব্যক্তি সকলে সন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু ইয়াৰ বাবে তেওঁলোকৰ দৈনন্দিন জীৱন যাপন বহু পৰিমানে সহজ হৈ পৰিব বুলি মন্তব্য কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments