Sunday, June 21, 2026
Homeঅসমচেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ত বিষ্ণুৰাভা দিৱস পালন

চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ত বিষ্ণুৰাভা দিৱস পালন

২০জুনঃ
বৰপেটা জিলাৰ পূব প্ৰান্তৰ উচ্চ শিক্ষাৰ অনুষ্ঠান চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ত আজি পালন কৰা হয় বিষ্ণুৰাভা দিৱস। মহাবিদ্যালয়ৰ উদ্যোগত আৰু অসমীয়া বিভাগৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয়ত বিষ্ণুৰাভা দিৱস পালন কৰা হয়। আৰম্ভণিতে মধ্য কামৰূপ মহাবিদ্যালয়ৰ প্ৰাংগণৰ পৰা বিষ্ণু ৰাভাৰ আদৰ্শৰে জনসাধাৰণক উদ্বুদ্ধ কৰাৰ উদ্দেশ্যেৰে ‘জন সচেতনতা যাত্ৰা’ কৰা হয়।

দ্বিতীয় কাৰ্যসূচী অনুসৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° গোপেশ কুমাৰ শৰ্মাই বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানটোত বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰা হয়। মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা বিষ্ণুৰাভা সংগীত পৰিৱেশন কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° গোপেশ কুমাৰ শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰে। আদৰণি ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি অধ্যক্ষ ড° গোপেশ কুমাৰ শৰ্মাই কয় যে- “একতা, সমতা আৰু সমন্বয়ৰ মাজেৰে কেনেদৰে বৰ অসমৰ ভেটি গঢ়িব পাৰি সেই শিক্ষা যদি আমি ল’ব পাৰোঁ তেতিয়াহে বিষ্ণুৰাভা দিৱস উদযাপন কৰাৰ সাৰ্থকতা থাকিব।”

তাৰোপৰি মহাবিদ্যালয়ৰ দাঁতিকাষৰীয়া অঞ্চলত বিষ্ণুৰাভা সংগীত প্ৰচাৰৰ জৰিয়তে “জনসচেতনতা যাত্ৰা” কৰাৰ উদ্দেশ্য বুলিও উনুকিয়াই দিয়ে অধ্যক্ষগৰাকীয়ে৷ ইয়াৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কবিতা আবৃত্তি প্ৰতিযোগিতাত ক্ৰমে দীপশিখা তালুকদাৰ, জেৰিফা বেগম আৰু অনামিকা দাসে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশ কৰা ৰাভা নৃত্যৰে অনুষ্ঠান সামৰা হয়।

প্ৰেৰক-
তফিকুৰ ৰহমান , সৰ্থেবাৰী

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments